New Delhi, 11 Mar :নতুন দিল্লীত অনুষ্ঠিত “North East Students and Youth Parliament 2025” শীৰ্ষক ৰাষ্ট্ৰীয় স্তৰৰ উচ্চস্তৰীয় মঞ্চত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী সুনীল কুমাৰ ছেত্রী আৰু সাধাৰণ সম্পাদক শ্ৰী নুমল ছেত্রী গৌৰৱজনকভাৱে অংশগ্ৰহণ কৰে। উক্ত সভাত ভাৰতৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াই মুখ্য অতিথিৰূপে উপস্থিত থাকি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যাৰ বিষয়ে গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰে। সভাত, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিয়ে শিক্ষাৰ উন্নয়ন, সীমান্ত সমস্যা আৰু ৰাজনৈতিক প্ৰতিনিধিত্বৰ বিষয়ে মত প্ৰকাশ কৰে। লগতে, অসমৰ খিলঞ্জীয়া গোৰ্খা জনগোষ্ঠীৰ সংকট আৰু সম্ভাৱনাসমূহ উত্থাপন কৰি গৃহমন্ত্ৰী মহোদয়লৈ অনুষ্ঠানটিৰ যোগেদি এটি বিশদ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।
ইয়াৰোপৰি, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই সভাখনক সম্বোধন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ উন্নয়ন, যুৱ নেতৃত্বৰ প্ৰসাৰ আৰু ৰাজনৈতিক সংগঠনৰ প্ৰাসংগিকতা সম্পৰ্কে গুৰুত্বপূৰ্ণ অভিমত প্ৰকাশ কৰে। উল্লেখযোগ্যভাৱে, এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৯০ টা জাতি-জনগোষ্ঠীৰ সংগঠনে সক্ৰিয়ভাবে অংশগ্ৰহণ কৰি অঞ্চলটোৰ বিকাশ, জাতি-সামাজিক ঐক্য আৰু নীতি-নিৰ্ধাৰণ সম্পৰ্কে আলোচনাসমূহত অংশগ্ৰহণ কৰে।
এই শীৰ্ষ বৈঠকৰ জৰিয়তে, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই অসমৰ খিলঞ্জীয়া গোৰ্খা জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে ৰাজনৈতিক, সামাজিক, আৰু সাংস্কৃতিক দাবীসমূহ উচ্চ স্তৰত তুলিবলৈ সক্ষম হয়।