
ৰঙাপৰা, অক্টোবৰ ২৬: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU), ৰঙাপৰা আঞ্চলিক সমিতিৰ উদ্যোগত ২৬ অক্টোবৰ, ২০২৫ তাৰিখে এখন বৃহৎ আৰু গুৰুত্বপূর্ণ প্ৰতিনিধি সভা শৃংখলাবদ্ধ আৰু সংগঠনিক ভাৱধাৰাৰে পৰিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়। সভাখন সঞ্চালন কৰে তদৰ্থ সমিতিৰ সভাপতি শ্ৰীযুত বসন্ত গুৰুং। সভাত বিশেষভাৱে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি মাননীয় দীপক চুব্বা, সংগঠনিক সম্পাদক বিনদ ছেত্ৰী, কাৰ্যকাৰী সদস্যদ্বয় শ্ৰী চুজিত থাপা আৰু চন্দ্ৰ গৌতম । লগতে উপস্থিত থাকে উত্তৰ জামুগুৰি আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্রমে হেমু লিম্বু আৰু ৰুদ্ৰ চেত্ৰী, বালিপৰা আঞ্চলিক সমিতিৰ সংগঠনিক সম্পাদক অজয় চেত্ৰী আৰু কাৰ্য্যালয় সম্পাদক পাপু লিম্বু। ৰঙাপৰা আঞ্চলিক সমিতিৰ অন্তৰ্গত নাহৰনী গ্ৰাট, বৰজুলি, ফুলগুৰি আৰু ঠাকুৰবাৰী শাখা সমিতিৰ প্ৰতিনিধিসকলে সভাত উৎসাহভৰে অংশগ্ৰহণ কৰে। সভাত স্হানীয় উপদেষ্টা হিচাপে উপস্থিত থাকে হেমচন্দ্ৰ লিম্বু, ৰাজেন চুব্বা, উমা উপাধ্যায় আৰু কুমাৰ গুৰুং।
সভাখনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সংগঠনিক দিশ, বৰ্তমানে চলি থকা কাৰ্যসূচী, শিক্ষাৰ উন্নয়ন, সমাজ–সংগঠন সম্পর্কীয় কার্যাবলী আৰু আঞ্চলিক পৰ্যায়ত গোৰ্খা সমাজৰ ঐক্য সুদৃঢ়কৰণ সম্পৰ্কে বিস্তৃত আলোচনা হয়। উপদেষ্টা আৰু অতিথি বক্তাসকলে আগন্তুক প্ৰজন্মৰ মাজত সংগঠনৰ আদৰ্শ, সংহতি, শৃংখলা আৰু নেতৃত্বৰ মানসিকতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা তুলি ধৰে।
সভাখনৰ অন্তিম পৰ্যায়ত সকলেৰ একমতত ৰঙাপৰা আঞ্চলিক সমিতিৰ নতুন কাৰ্যনিৰ্বাহী সমিতি গঠন কৰা হয়। নবগঠিত আঞ্চলিক সমিতিটোত — সভাপতি সুণিপা ৰানা, সাধাৰণ সম্পাদক মণিকুমাৰ গুৰুং, উপ–সভাপতি অৱিনাশ চেত্ৰী, শৰ্মিলা প্ৰধান, লক্ষ্মণ থাপা আৰু বিবেক উপাধ্যায়, সহকাৰী সম্পাদক ৰহিত থাপা আৰু মণিকা পূৰি, সংগঠনিক সম্পাদক সঞ্চয় থাপা, সাংস্কৃতিক সম্পাদক জীৱন চেত্ৰী আৰু ললিতা থাপা, শিক্ষা সম্পাদক মহিনী দেবী, প্ৰচাৰ সম্পাদক নিজা গুৰুং, ক্ৰীড়া সম্পাদক ৰাজু বিশ্বকৰ্মা আৰু গপি বিশ্বকৰ্মা, আৰু কাৰ্য্যকাৰী সদস্য কিছৰ তামাং, চন্দ্ৰ থাপা, মেনুকা লিম্বু, প্ৰমিলা গুৰুং, কিৰণ থাপা, চঞ্জনা চেত্ৰী, সন্দেশ লিম্বু আৰু বিধান লিম্বু সৰ্বসন্মতি ক্ৰমে নিৰ্বাচিত হয়।
সভাখন সফলভাৱে সম্পন্ন কৰি নবগঠিত আঞ্চলিক সমিতিয়ে আগন্তুক দিনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)-ৰ আদৰ্শ, নীতি আৰু লক্ষ্যসমূহৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ অঞ্চলিক সংগঠনক অধিক গতিশীল, সুসংগঠিত আৰু সজাগভাৱে আগবঢ়াবলৈ একমত প্ৰকাশ কৰে। উপস্থিত অতিথি, উপদেষ্টা আৰু প্ৰতিনিধিসকলে নতুন কাৰ্যনিৰ্বাহী সমিতিক শুভেচ্ছা জ্ঞাপন কৰি সংগঠনৰ প্ৰগতিৰ বাবে ঐক্য, অধ্যৱসায়, সংহতি আৰু দায়িত্বশীলতাৰে আগুৱাই যোৱাৰ আহ্বান জনায়। দিনযোৰা সভাখন সম্পূর্ণ সৌহাৰ্দ্যপূৰ্ণ, শৃংখলাবদ্ধ আৰু সংগঠনিক উদ্যমেৰে পৰিপূৰ্ণ পৰিৱেশত সফলভাৱে সম্পন্ন হয়।
