All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #3
November 6, 2025

উত্তৰ জামুগুৰিত ৬৭তম অহোৰাত্ৰ হৰি কীৰ্ত্তন অনুষ্ঠান — কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ ছেত্ৰীৰ উপস্থিতি

📅 November 6, 2025
✍️ AAGSU
🕒 12:04 AM

উত্তৰ জামুগুৰি, নভেম্বৰ, ২ : অৰুণাচল প্ৰদেশৰ সীমান্তৰ কাষৰ বালিজুৰি অঞ্চলত, মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশত, ৬৭তম বাৰ্ষিক অহোৰাত্ৰ হৰি কীৰ্ত্তন অনুষ্ঠান সফলভাৱে সম্পন্ন হ’ল। এই অনুষ্ঠান উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন সমিতিৰ উদ্যোগত আয়োজন কৰা হয়। অনুষ্ঠানৰ মূল লক্ষ্য আছিল—সনাতন হিন্দু ধৰ্ম আৰু সংস্কৃতিৰ সংৰক্ষণ, বৈদিক পৰম্পৰাৰ প্ৰচাৰ, সমাজ আৰু ৰাষ্ট্ৰৰ কল্যাণৰ বাবে অংশগ্ৰহণকাৰীৰ মাজত সামাজিক ভাতৃত্ববোধ বৃদ্ধি কৰা আৰু অন্যায়, অত্যাচাৰ আৰু অথৰ্মৰ বিৰুদ্ধে জাগৰণ সৃষ্টি কৰা।

উক্ত ত্ৰি-দিনীয়া অনুষ্ঠান (৩১ অক্টোবৰ, ১ আৰু ২ নভেম্বৰ, ২০২৫) বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় । অংশগ্ৰহণকাৰীসকলে হৰি কীৰ্ত্তনৰ মাধ্যমে আধ্যাত্মিক চেতনাৰ বিকাশ ঘটায়। লগতে, অনুষ্ঠানত ধৰ্মীয় বক্তৃতা, বেদপাঠ আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈ অংশগ্ৰহণকাৰীৰ মন জয় কৰে।

উক্ত অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)ৰ কেন্দ্ৰীয় সভাপতি শ্ৰী সুনীল কুমাৰ ছেত্ৰীৰ উপস্থিতি হয় । লগতে কাৰ্যালয় সম্পাদক শ্ৰী বিকাশ শৰ্মা আৰু কার্যকাৰী সদস্য শ্ৰী গোপাল ছেত্ৰী উপস্থিত থাকে । শোণিতপুৰ জিলা সমিতিৰ পৰা সভাপতি শ্ৰী দীপক সুব্বা আৰু জেষ্ঠ কার্যকাৰী সদস্য শ্ৰী সুজিত থাপা অনুষ্ঠানত অংশগ্ৰহণ কৰে । তাৰোপৰি উত্তৰ জামুগুৰি, জামুগুৰি আৰু উত্তৰ নাগশংকাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলো উপস্থিত থাকি একতা আৰু ঐক্যৰ প্ৰতীক স্থাপন কৰে ।

এই অনুষ্ঠানৰ মাধ্যমে অংশগ্ৰহণকাৰীসকলে বৈদিক পৰম্পৰা, ধৰ্মীয় চেতনাৰ বিকাশ আৰু সামাজিক দায়িত্ববোধৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সামাজিক ভাতৃত্ববোধ জগাই তুলে । অংশগ্ৰহণকাৰীৰ উৎসাহ, আধ্যাত্মিক অনুৰাগ আৰু সংগীতৰ সমন্বয়ে অনুষ্ঠানটি এক অনন্য আধ্যাত্মিক অভিজ্ঞতাত পৰিণত হয় ।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)ৰ কেন্দ্ৰীয় সভাপতি শ্ৰী সুনীল কুমাৰ ছেত্ৰীয়ে এই মহান অনুষ্ঠানৰ সফল ৰূপায়নৰ বাবে উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন সমিতিৰ সভাপতি শ্ৰী উমা দাহাল, সাধারণ সম্পাদক শ্ৰী সঞ্জীব ছেত্ৰী, অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰী তিমচিনা আৰু সাধারণ সম্পাদক শ্ৰী পদ্ম লুইটেলৰ লগতে সকলো বিষয়ববীয়াসকলক আন্তৰিক অভিনন্দন জনায় ।
তেওঁ বিশ্বাস প্ৰকাশ কৰিছে যে, এই ধৰণৰ আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহে সমাজ আৰু নৱযুৱক প্ৰজন্মৰ মাজত ধৰ্মীয় চেতনাৰ বিকাশ আৰু ঐক্যবদ্ধ মনোভাৱ সৃষ্টি কৰিব।

📤 Share this story
Scroll to Top