
মাজুলী, ডিচেম্বৰ 14 : সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু)ৰ মাজুলী জিলা সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি মাজুলীৰ ফুলনিস্থিত প্ৰাক্তন সৈনিক কাৰ্যালয়ত সফলভাৱে অনুষ্ঠিত হয়। জিলা সমিতিৰ সভাপতি শ্ৰী দীপক কটোৱালৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলা সমিতিৰ সদস্যবৃন্দ তথা আঞ্চলিক সমিতিসমূহৰ প্ৰতিনিধিসকলৰ উল্লেখযোগ্য উপস্থিতি পৰিলক্ষিত হয়।
সভাৰ আৰম্ভণিতে সভাপতি শ্ৰী দীপক কটোৱালে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সংগঠনৰ সাম্প্ৰতিক কাৰ্যকলাপ আৰু আগন্তুক কাৰ্যসূচীসমূহৰ বিষয়ে আলোকপাত কৰে। বিশেষকৈ অহা ইংৰাজী ২৬ আৰু ২৭ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ দুলীয়াজনত অনুষ্ঠিত হ’ব লগা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ গৌৰৱোজ্জ্বল সোনালী জয়ন্তী অনুষ্ঠানক কেন্দ্ৰ কৰি মাজুলী জিলা সমিতিৰ পৰা কেনেদৰে সক্ৰিয় সহযোগিতা আগবঢ়াব পাৰি, সেই সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।
সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে সোনালী জয়ন্তী অনুষ্ঠান সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে মাজুলী জিলাৰ প্ৰতিটো আঞ্চলিক সমিতি, সংগঠনৰ কৰ্মী-সমৰ্থক তথা সমগ্ৰ গোৰ্খা ৰাইজে একতাৰে আগবাঢ়ি আহিব লাগিব। এই ঐতিহাসিক অনুষ্ঠানক সফল ৰূপ দিবলৈ মাজুলী জিলা সমিতিৰ তৰফৰ পৰা ব্যাপক প্ৰচাৰ, সমন্বয় আৰু স্বেচ্ছাসেৱক নিযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
ইয়াৰ উপৰিও সভাত সংগঠনৰ ভিতৰত সাংগঠনিক সমন্বয় অধিক শক্তিশালী কৰা, নতুন প্ৰজন্মক সংগঠনৰ সৈতে জড়িত কৰা, সদস্যতা বৃদ্ধি, আৰু আগন্তুক দিনত গোৰ্খা জাতিৰ শিক্ষা, সামাজিক সুৰক্ষা আৰু অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত সংগঠনে ল’বলগীয়া ভূমিকা সম্পৰ্কে গুৰুত্বপূর্ণ আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ সময়ছোৱাত উপস্থিত সদস্যসকলে নিজৰ মতামত আগবঢ়াই সংগঠনৰ ভবিষ্যৎ দিশ সন্দৰ্ভত বিভিন্ন পৰামৰ্শ আগবঢ়ায়।
সভাৰ অন্তত সভাপতি শ্ৰী দীপক কটোৱালে সকলো সদস্য আৰু উপস্থিত ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰি কয় যে ঐক্য, শৃংখলা আৰু দায়িত্ববোধেই সংগঠনৰ শক্তি। সোনালী জয়ন্তী অনুষ্ঠান সংগঠনৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি আশা ব্যক্ত কৰি সকলোকে সক্ৰিয় অংশগ্ৰহণৰ আহ্বান জনাই সভাৰ সামৰণি মাৰে।
প্ৰতিবেদন: দীপক কটোৱাল-সভাপতি, মাজুলী জিলা সমিতি (আগ্ছু)