
শদিয়া, ডিচেম্বৰ 18: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাৰ গৌৰৱোজ্জ্বল ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ ঐতিহাসিক উপলক্ষে অহা ২৬ আৰু ২৭ ডিচেম্বৰ তাৰিখে দুলীয়াজানৰ বিহুতলী খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তী বৰ্ষ শুভাৰম্ভ সমাৰোহক কেন্দ্ৰ কৰি সংগঠনৰ তৰফৰ পৰা ব্যাপক প্ৰস্তুতি আৰম্ভ কৰা হৈছে। এই বৃহৎ আৰু ঐতিহাসিক সমাৰোহক সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে যোৱা ১৫ ডিচেম্বৰ ২০২৫ তাৰিখে চপাখোৱা গোৰ্খা ভবনত এক গুৰুত্বপূৰ্ণ প্ৰস্তুতি তথা পৰামৰ্শ সভা অনুষ্ঠিত কৰা হয়।
সভাখনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পাঁচ দশকজোৰা গৌৰৱোজ্জ্বল সংগ্ৰামী যাত্ৰাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। সংগঠনৰ জন্মলগ্নৰ পৰা বৰ্তমানলৈকে গোৰ্খা সমাজৰ সামাজিক, শৈক্ষিক আৰু অধিকাৰমূলক আন্দোলনত আগবঢ়োৱা ঐতিহাসিক অৱদান গভীৰভাৱে স্মৰণ কৰা হয়। সংগঠনৰ আধাৰস্তম্ভস্বৰূপ জ্যেষ্ঠ নেতা-কৰ্মীসকলৰ ত্যাগ, অবদান আৰু সংগ্ৰামী অভিজ্ঞতাক সন্মান জনাই অতীতৰ অভিজ্ঞতা আৰু বৰ্তমানৰ বাস্তৱতাৰ মাজত সুদৃঢ় সংযোগ স্থাপন কৰাটো এই সভাৰ অন্যতম মূল লক্ষ্য আছিল। লগতে আগন্তুক দিনত সংগঠনে সন্মুখীন হ’বলগীয়া সামাজিক, ৰাজনৈতিক আৰু সাংগঠনিক প্ৰত্যাহ্বানসমূহৰ বিষয়ে গুৰুত্বপূৰ্ণ আৰু দূৰদৰ্শী আলোচনা অনুষ্ঠিত কৰা হয়।
সভাত বিশেষভাৱে উল্লেখ কৰা হয় যে, সোণালী জয়ন্তী বৰ্ষ শুভাৰম্ভ সমাৰোহ কেৱল এক উৎসৱমূলক অনুষ্ঠান নহয়, বৰঞ্চ ই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ইতিহাস, আদৰ্শ আৰু সংগ্ৰামী চেতনাক নতুন প্ৰজন্মৰ মাজত পুনৰ সজীৱ কৰি তোলাৰ এক গুৰুত্বপূৰ্ণ উপলক্ষ। সেই উদ্দেশ্যে কোনো ব্যক্তি, অঞ্চল বা গোষ্ঠী যাতে বাদ পৰি নাযায়, সেই সৰ্বাত্মক দৃষ্টিভংগীৰে সকলো স্তৰৰ জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন নেতা-কৰ্মী, সামাজিক সংগঠন আৰু শুভাকাঙ্ক্ষীসকলক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই গুৰুত্বপূৰ্ণ সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি শ্ৰীযুত সুনীল চেত্ৰী ডাঙৰীয়াৰ উপস্থিতিয়ে সভাখনক বিশেষ তাৎপৰ্য প্ৰদান কৰে। সভাপতি ডাঙৰীয়াই তেওঁৰ দিশনিৰ্দেশনামূলক বক্তব্যত সোণালী জয়ন্তী সমাৰোহৰ ঐতিহাসিক গুৰুত্ব ব্যাখ্যা কৰাৰ লগতে সংগঠনৰ ঐক্য, শৃঙ্খলা আৰু সামূহিক দায়িত্ববোধৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ জ্যেষ্ঠ প্ৰজন্মৰ অভিজ্ঞতা আৰু নবপ্ৰজন্মৰ শক্তিক একেলগে সংযুক্ত কৰি সংগঠনক অধিক সুদৃঢ়, সংগঠিত আৰু ভবিষ্যৎমুখী কৰি তোলাৰ বাবে সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়ি অহাৰ আহ্বান জনায়।
সভাত উপস্থিত থকা বিভিন্ন নেতা-কৰ্মী আৰু সদস্যসকলে সমাৰোহৰ কাৰ্যসূচী ৰূপায়ণ, মঞ্চ ব্যৱস্থা, অতিথি সম্বর্ধনা, সাংস্কৃতিক অনুষ্ঠান, শৃঙ্খলা ব্যৱস্থা আৰু সামগ্ৰিক পৰিচালনাৰ ক্ষেত্ৰত বহুতো গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। সমাৰোহক সুশৃঙ্খল, বৰ্ণাঢ্য আৰু স্মৰণীয় কৰি তুলিবলৈ সকলো স্তৰৰ নেতা-কৰ্মী আৰু সদস্যসকলক সক্ৰিয়ভাৱে জড়িত হোৱাৰ সংকল্প গ্ৰহণ কৰা হয়।
সভাৰ অন্তত এই আলোচনাৰ পৰা লাভ কৰা সিদ্ধান্ত, পৰামৰ্শ আৰু সামূহিক প্ৰতিশ্ৰুতিয়ে অহা সোণালী জয়ন্তী বৰ্ষ শুভাৰম্ভ সমাৰোহক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ইতিহাসত এক স্মৰণীয় আৰু ঐতিহাসিক মাইলৰ খুঁটি হিচাপে গঢ়ি তুলিব বুলি দৃঢ় বিশ্বাস ব্যক্ত কৰা হয়। এই সমাৰোহে সংগঠনৰ পাঁচ দশকৰ সংগ্ৰামী ইতিহাসক স্মৰণ কৰাৰ লগতে ভৱিষ্যৎ দিনত সংগঠনৰ লক্ষ্য, আদৰ্শ আৰু কৰণীয়সমূহক নতুন দিশ প্ৰদান কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।
প্ৰতিবেদন: মিলন শৰ্মা- সম্পাদক, তিনিচুকীয়া জিলা সমিতি (আগ্ছু)।