
লখিমপুৰ, ৪ জানুৱাৰী ২০২৬ঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, লখিমপুৰ জিলা সমিতি আৰু জহিং ৯/৬ কৈলামাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা লখিমপুৰ পশুচিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী ডীন পদৰ দায়িত্ব গ্ৰহণ কৰা উপলক্ষে ড° সৌৰভ কুমাৰ লাস্কৰ মহোদয়লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰা হয়। সংগঠন দুটাৰ মতে, ড° লাস্কৰৰ এই নিযুক্তি শিক্ষাক্ষেত্ৰখনৰ বাবে এক উল্লেখযোগ্য আৰু গৌৰৱৰ বিষয়।
সংগঠনৰ নেতৃত্বই জানিবলৈ দিয়ে যে ড° সৌৰভ কুমাৰ লাস্কৰ তেওঁৰ শৈক্ষিক জীৱনত নিষ্ঠা, অধ্যৱসায় আৰু উৎকৰ্ষতাৰ জৰিয়তে এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। শিক্ষাবিদ হিচাপে তেওঁৰ সুদীৰ্ঘ অভিজ্ঞতা, গৱেষণামূলক দৃষ্টিভংগী আৰু প্রশাসনিক দক্ষতাই মহাবিদ্যালয়খনৰ সামগ্ৰিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁলোকে দৃঢ় বিশ্বাস প্ৰকাশ কৰে। বিশেষকৈ পশুচিকিৎসা শিক্ষাৰ গুণগত মান উন্নীত কৰা, আধুনিক শিক্ষাপদ্ধতি প্ৰৱৰ্তন কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে অধিক সুযোগ-সুবিধা সৃষ্টি কৰাৰ ক্ষেত্ৰত ড° লাস্কৰৰ নেতৃত্ব বিশেষ সহায়ক হ’ব বুলি আশা কৰা হৈছে।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই লগতে উল্লেখ কৰে যে শিক্ষা কেৱল পাঠ্যপুথিত সীমাবদ্ধ নহয়, বৰঞ্চ সমাজগঠন আৰু মানৱ সম্পদ উন্নয়নৰ এক শক্তিশালী মাধ্যম। সেই দিশৰ পৰা ড° লাস্কৰৰ দায়িত্বশীল ভূমিকা আৰু সমাজমুখী চিন্তাধাৰাই মহাবিদ্যালয়খনক নতুন দিশ দেখুৱাব বুলি সংগঠনটোৱে মত প্ৰকাশ কৰে। তেওঁৰ নেতৃত্বত লখিমপুৰ পশুচিকিৎসা মহাবিদ্যালয়ে শৈক্ষিক উৎকৰ্ষতা, উদ্ভাৱন আৰু গৱেষণাৰ ক্ষেত্ৰত নতুন উচ্চতা স্পৰ্শ কৰিব বুলি আশা ব্যক্ত কৰা হয়।
এই উপলক্ষে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, লখিমপুৰ জিলা সমিতি আৰু জহিং ৯/৬ কৈলামাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা ড° সৌৰভ কুমাৰ লাস্কৰলৈ নতুন দায়িত্বত সাফল্য, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰা হয়। লগতে তেওঁৰ কাৰ্যকাল সমাজসেৱা, শিক্ষাগত অগ্ৰগতি আৰু নৱ চিন্তাধাৰাৰে সমৃদ্ধ হোৱাৰ আন্তৰিক কামনাও ব্যক্ত কৰা হয়।
প্ৰতিবেদন: ৰাজ পৰাজুলী-সাধাৰণ সম্পাদক,লখিমপুৰ জিলা সমিতি( আগ্ছু)