All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #15
January 29, 2026

নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ গৌৰৱময় অংশগ্ৰহণ

📅 January 29, 2026
✍️ AAGSU
🕒 12:04 AM

টংলা, ২৩ জানুৱাৰী: ইংৰাজী ১৯, ২০, ২১, ২২ আৰু ২৩ জানুৱাৰী ২০২৬ তাৰিখে বি.টি.এ.ডি.ৰ অন্তৰ্গত ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত পুৰণি টংলা হাবিগাঁওস্থিত প্ৰয়াত শ্ৰীৰামচন্দ্ৰ ৰাভা সমন্বয় ক্ষেত্ৰত নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপন অনুষ্ঠান গৌৰৱ, ঐতিহ্য আৰু বহুজাতিক সমন্বয়ৰ অনন্য উদাহৰণেৰে সফলতাৰে অনুষ্ঠিত হয়। ১৯২৬ চনৰ ১৫ জানুৱাৰীত জন্মলাভ কৰা ৰাভা জনগোষ্ঠীৰ সংগঠন নিখিল ৰাভা জাতীয় পৰিষদে শতবছৰৰ দীঘলীয়া সংগ্ৰাম, আত্মসম্মান, সামাজিক–সাংস্কৃতিক বিকাশ আৰু অস্তিত্ব ৰক্ষাৰ পথচলাক স্মৰণীয় কৰি এই বৃহৎ উদযাপনৰ আয়োজন কৰে।
এই ঐতিহাসিক ক্ষণত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ সক্ৰিয় আৰু মৰ্যাদাপূৰ্ণ উপস্থিতিয়ে অনুষ্ঠানটোক বিশেষ গৌৰৱেৰে উজ্জ্বল কৰি তোলে। ইংৰাজী ২২ জানুৱাৰী ২০২৬ তাৰিখে আগছুৰ টংলা আঞ্চলিক সমিতিৰ উদ্যোগত সহযোগিতা কৰা সাংস্কৃতিক শুভযাত্ৰাৰ গোৰ্খা সমাজৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, লোকনৃত্য আৰু সংগীতৰ মাধ্যমে বহুজাতিক সমাজত ঐক্য, সৌহাৰ্দ্য আৰু পাৰস্পৰিক সন্মানৰ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। পৰম্পৰাগত গোৰ্খালী নৃত্য আৰু সাংগীতিক উপস্থাপনে উপস্থিত বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধি আৰু অতিথিসকলৰ পৰা বিশেষ প্ৰশংসা লাভ কৰে।
উক্ত দিনাই অনুষ্ঠিত মুললি সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ সভাপতি শ্ৰী সুনীল ছেত্ৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। তেখেতৰ সৈতে আগছুৰ কাৰ্যালয় সম্পাদক শ্ৰী বিকাশ শৰ্মা, প্ৰচাৰ সম্পাদক শ্ৰী সোমৰাজ সোনাৰ, সাংস্কৃতিক সম্পাদক শ্ৰী ত্ৰিদেৱ বিষ্ট, তথ্য আৰু প্ৰযুক্তি সম্পাদক শ্ৰী কিৰণ খৰ্কা আৰু ওদালগুৰি জিলা সমিতিৰ সভাপতি শ্ৰী ৰাম ছেত্ৰীও উপস্থিত থাকি অনুষ্ঠানৰ মৰ্যাদা বৃদ্ধি কৰে। আগছুৰ কেন্দ্ৰীয় নেতৃত্বৰ এই সক্ৰিয় উপস্থিতিয়ে গোৰ্খা আৰু ৰাভা জনগোষ্ঠীৰ মাজত দীৰ্ঘদিনীয়া সামাজিক–সাংস্কৃতিক সম্পৰ্ক, পাৰস্পৰিক সহাবস্থান আৰু ঐক্যবদ্ধ আন্দোলনৰ গুৰুত্বক নতুনকৈ উজ্জ্বল কৰি তোলে।


শতবৰ্ষ উদযাপন সমাৰোহৰ আয়োজনত নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি শ্ৰী বাবুল চন্দ্ৰ ৰাভা, মুখ্য সম্পাদক শ্ৰী গোবিন্দ ৰাভা, অভ্যর্থনা সমিতিৰ কাৰ্য্যকৰী সভাপতি শ্ৰী বিনোদ ৰাভা, সাধাৰণ সম্পাদক শ্ৰী প্ৰভাত চন্দ্ৰ ৰাভাৰ নেতৃত্বত সমগ্ৰ সমিতিয়ে নিষ্ঠা আৰু সংগঠিত পৰিশ্ৰম আগবঢ়ায়। অসমৰ বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক গৌৰৱান্বিত কৰে।
এই ঐতিহাসিক উপলক্ষে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)য়ে নিখিল ৰাভা জাতীয় পৰিষদে সফলতাৰে শতবৰ্ষ সম্পূৰ্ণ কৰা বাবে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানটোৱে বহুজাতিক অসমীয়া সমাজত ঐক্য, সহনশীলতা আৰু সাংস্কৃতিক সহাবস্থানৰ এক শক্তিশালী দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হয় বুলি আগছুৰ পক্ষৰ পৰা মত প্ৰকাশ কৰা হয়।

প্ৰতিবেদক: সন্জয ছেত্ৰী- সাধাৰণ সম্পাদক, টংলা আঞ্চলিক সমিতি(আগ্ছু)।

📤 Share this story
Scroll to Top