
ভোলাঝাৰ, 26 জানুৱাৰী: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, পূৱ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত তথা সমূহ শাখা সমিতিৰ সহযোগত বিগত বৰ্ষৰ দৰে এইবেলিও আজিৰে পৰা আজাদ হিন্দ ফৌজৰ চিপাহী তথা মুক্তি যুঁজাৰু প্ৰয়াত পূৰ্ণ বাহাদুৰ ছেত্ৰী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক আন্তঃগাঁও ক্রিকেট টুর্নামেন্ট আৰম্ভ কৰা হয়।
ভোলাঝাৰ বাঙালীপাৰা উচ্চ ও মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত আজি পুৱা পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সভাপতি শ্ৰী বিশাল মৈনালীয়ে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে। আনহাতে, ভোলাঝাৰ বাঙালীপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা পূৱ ডেফেলী আঞ্চলিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত জীত বাহাদুৰ প্ৰধান ডাঙৰীয়া আৰু পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী দিগ্বিজয় লুঁইটেলে প্ৰয়াত পূৰ্ণ বাহাদুৰ ছেত্ৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন ও মাল্যাৰ্পণ কৰে।
প্ৰাক্তন ছাত্ৰ নেতা তথা যুৱ সমাজকৰ্মী মাননীয় শ্ৰীযুত কৰণ ছেত্ৰী ডাঙৰীয়াই খেলপথাৰ তথা খেলৰ শুভ উদ্বোধন কৰাৰ পিছতে খেল প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়।
উক্ত অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি মাননীয় শ্ৰীযুত অৰ্জুন ছেত্ৰী ডাঙৰীয়া, তামুলপুৰ জিলা সমিতিৰ উপ-সভাপতি মাননীয় শ্ৰীযুত বুদ্ধি কৃষ্ণ উপ্ৰেতি ডাঙৰীয়া, পূৱ ডেফেলী আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুত জগত প্ৰধান ডাঙৰীয়া, তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি তথা যুৱ নেতা মাননীয় শ্ৰীযুত বাপন দাস ডাঙৰীয়া, স্থানীয় লাট গাঁওবুঢ়া মাননীয় শ্ৰীযুত বিনোদ চাপাগাঁই ডাঙৰীয়া, বিশিষ্ট সাহিত্যিক মাননীয় শ্ৰীযুত পূৰ্ণ খডকা ডাঙৰীয়া প্ৰমুখ্যে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰতিবেদকঃ বিপ্লৱ চিমৰীয়া, সাধাৰণ সম্পাদক, তামুলপুৰ জিলা সমিতি, আগছু