All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #15
January 29, 2026

খোৱাংত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন, চিত্ৰাঙ্কন প্ৰতিযোগিতাত ১৭০ৰো অধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ

📅 January 29, 2026
✍️ AAGSU
🕒 12:06 AM

খোৱাং, ২৬ জানুৱাৰী: “চিন্তাই যেতিয়া কৰ্মৰ ৰূপ ধৰে, তেতিয়াই এক নতুন বিপ্লৱৰ সূচনা হয়”—এই বাণীৰে দেশৰ ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মদাৰগুৰিস্থিত ড্ৰিম ফ্লাৱাৰ জাতীয় বিদ্যালয়ৰ পবিত্ৰ প্ৰাংগনত গাম্ভীৰ্য আৰু মৰ্যাদাৰে উদযাপন কৰা হয়। জাতীয় এই দিনটোত শিক্ষাৰ্থীসকলৰ সৃজনশীল প্ৰতিভাৰ উন্মেষ আৰু সৰ্বাঙ্গীন বিকাশৰ লক্ষ্যৰে এখন চিত্ৰাঙ্কন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়, যিয়ে সমগ্ৰ অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্ৰদান কৰে।
তিনিজন অভিজ্ঞ বিচাৰকৰ তত্ত্বাৱধানত অনুষ্ঠিত চিত্ৰাঙ্কন প্ৰতিযোগিতাখনত ১৭০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখন ক, খ আৰু গ—এই তিনিটা শাখাত বিভক্ত কৰা হৈছিল। ক শাখাত প্ৰথমৰ পৰা চতুৰ্থ শ্ৰেণীৰ, খ শাখাত পঞ্চমৰ পৰা সপ্তম শ্ৰেণীৰ আৰু গ শাখাত অষ্টমৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকল অন্তৰ্ভুক্ত আছিল। শিক্ষাৰ্থীসকলে গণতন্ত্ৰ, দেশপ্ৰেম, জাতীয় ঐক্য আৰু সামাজিক দায়িত্বৰ দৰে বিষয়ক কেন্দ্ৰ কৰি অংকিত চিত্ৰসমূহৰ জৰিয়তে নিজৰ সৃজনশীলতা আৰু চিন্তাধাৰা প্ৰকাশ কৰে।
চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ অন্তত গণতন্ত্ৰ দিৱস উপলক্ষে এখন মুকলি সভা অনুষ্ঠিত হয়। সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাংগঠনিক সচিব দীপক নেৱাৰে সংবিধানৰ মূল্যবোধ, গণতন্ত্ৰৰ গুৰুত্ব আৰু শিক্ষাৰ্থীসকলৰ সামাজিক দায়িত্ব সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। ড্ৰিম ফ্লাৱাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কনক শইকীয়াই শিক্ষাৰ জৰিয়তে এখন সুস্থ, সচেতন আৰু দায়িত্বশীল সমাজ গঢ়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা প্ৰদীপ ভূজেল, সভাপতি ৰত্ন থাপা, সম্পাদক দিপু ঘিশিং আৰু শিক্ষা সম্পাদক কৃষ্ণ ভুজেলেও বক্তব্য আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক দেশপ্ৰেম, শৃংখলা আৰু নৈতিক মূল্যবোধেৰে আগবাঢ়িবলৈ আহ্বান জনায়। অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক সজীৱ কৰি তোলে।
এই সফল অনুষ্ঠানটোৰ নেপথ্যত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ খোৱাং আঞ্চলিক সমিতিৰ সভাপতি শ্ৰী বিনয় নেৱাৰ আৰু সম্পাদক শ্ৰী বিশাল ভুজেলৰ দক্ষ নেতৃত্ব আৰু তত্ত্বাৱধান বিশেষভাৱে উল্লেখযোগ্য বুলি আয়োজকসকলে জানিবলৈ দিয়ে। লগতে আঞ্চলিক সমিতিৰ সকলো কৰ্মকৰ্তাই আগবঢ়োৱা সহযোগ আৰু ড্ৰিম ফ্লাৱাৰ জাতীয় বিদ্যালয়ৰ প্ৰশাসন, শিক্ষক-শিক্ষয়িত্ৰী তথা বিচাৰকমণ্ডলীৰ সহায়ে অনুষ্ঠানটো সফল ৰূপে সম্পন্ন হয়। অনুষ্ঠানটো সফল কৰি তোলাত সহায় আগবঢ়োৱা সকলোকে আয়োজক সমিতিয়ে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে আৰু ভৱিষ্যততো সমাজ আৰু শিক্ষাৰ্থীকল্যাণৰ স্বাৰ্থত এনেধৰণৰ গঠনমূলক কাৰ্যসূচী অব্যাহত ৰাখিব বুলি দৃঢ় আশাবাদ ব্যক্ত কৰে।

প্ৰতিবেদক: বিশাল ভুজেল- সাধাৰণ সম্পাদক, খোৱাং আঞ্চলিক সমিতি( আগ্ছু)।

📤 Share this story
Scroll to Top