All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #16
February 5, 2026

পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মনোবল বৃদ্ধিৰ লক্ষ্যৰে খোৱাং আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ শুভেচ্ছা কাৰ্যসূচী

📅 February 5, 2026
✍️ AAGSU
🕒 12:06 AM

ডিব্ৰুগড়, খোৱাং, ১ ফেব্ৰুৱাৰী ২০২৬ঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত খোৱাং অঞ্চলৰ পৰা চলিত বছৰত হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া গোৰ্খা ছাত্ৰ-ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰাৰ লক্ষ্যৰে এক বিশেষ শুভেচ্ছা আৰু উৎসাহমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে সংগঠনৰ বিষয়ববীয়াসকলে পৰীক্ষাৰ্থীসকলৰ বাসগৃহলৈ গৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে সৰাসৰি মত-বিনিময় কৰে।
কাৰ্যসূচীৰ সময়ছোৱাত সংগঠনৰ প্ৰতিনিধিসকলে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ সময়ত মানসিক চাপৰ পৰা আঁতৰি থাকি ধৈৰ্য, একাগ্ৰতা আৰু আত্মবিশ্বাস বজাই ৰাখিবলৈ আহ্বান জনায়। শিক্ষাৰ্থীসকলক নিয়মিত অধ্যয়ন, সময়ানুবর্তিতা আৰু ইতিবাচক চিন্তাধাৰা অৱলম্বন কৰি পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়। লগতে সংগঠনৰ ফালৰ পৰা তেওঁলোকক শৃংখলাবদ্ধ জীৱনশৈলী গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
এই শুভেচ্ছা কাৰ্যসূচীৰ অন্তৰ্গত খোৱাং আঞ্চলিক সমিতিৰ অধীনস্থ ৰাংছালী, ঘূগুলনী, বৰবিল, মনিপথাৰ আৰু মদাৰগুৰি আদি অঞ্চলৰ প্ৰায় ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হয়। সংগঠনৰ বিষয়ববীয়াসকলে অঞ্চলটোৰ ছাত্ৰ সমাজক উৎসাহিত কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই অনাৰ বাবে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সদায় সচেষ্ট বুলি মত প্ৰকাশ কৰে।
সংগঠনৰ নেতৃত্বই আশা প্ৰকাশ কৰে যে খোৱাং অঞ্চলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ জৰিয়তে উৎকৃষ্ট ফলাফল অৰ্জন কৰি নিজৰ পৰিয়াল, গাঁও তথা সমগ্ৰ অঞ্চলৰ গৌৰৱ বৃদ্ধি কৰিব। সংগঠনৰ এনে উদ্যোগে সমাজত শিক্ষাৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লগতে ছাত্ৰ সমাজৰ সৈতে সংগঠনৰ সম্পৰ্ক অধিক সুদৃঢ় হ’ব বুলি অভিমত প্ৰকাশ কৰা হয়।

প্ৰতিবেদন: বিশাল ভূজেল- সাধাৰণ সম্পাদক,খোৱাং আঞ্চলিক সমিতিৰ ।

📤 Share this story
Scroll to Top