
চৰাইদেউ জিলাৰ অন্তৰ্গত নামতোলাৰ আশ্বিনি বিলত বুদ্ধ সংঘ নামতোলা আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰথম বাৰ্ষিক সনম লুচৰ অনুষ্ঠান উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত হয়। অনুষ্ঠানটোত বিভিন্ন সামাজিক, সাংস্কৃতিক তথা ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিয়ে কাৰ্যসূচীটো অধিক মৰ্যাদাপূৰ্ণ কৰি তোলে।
অনুষ্ঠানটোত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি কৃষ্ণ নেৱাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লগতে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিৰাজ লিম্বো, চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক লাল থাপা,উপ সভাপতি তিলক কাৰ্কি সহ সম্পাদক বিকাশ গুৰুং, নামতোলা আঞ্চলিক সমিতিৰ সভাপতি গৌৰৱ লিম্বো আৰু চৰাইদেউ জিলা গোৰ্খা সন্মিলৰ উপ-সভাপতি হোম বাহাদুৰ নেৱাৰ বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত অতিথিসকলে সনম লুচৰ সামাজিক আৰু সাংস্কৃতিক তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে নৱপ্ৰজন্মক নিজৰ পৰম্পৰা, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ দিশত আগবাঢ়িবলৈ আহ্বান জনায়। স্থানীয় ৰাইজ, বিভিন্ন দল-সংগঠনৰ সদস্য আৰু বিশিষ্ট ব্যক্তিসকলৰ সক্ৰিয় উপস্থিতিয়ে অনুষ্ঠানটোক সাৰ্থক ৰূপ দিয়ে।
প্ৰতিবেদন: মিলন অধিকাৰী-সভাপতি,মাকুম আঞ্চলিক সমিতি