All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #18
February 19, 2026

​কৃষি উন্নয়ন বিষয়া হিচাপে ধেমাজীৰ পংকজ দাহালৰ নিযুক্তি: আগ্ছুৰ বিশেষ সম্বৰ্ধনা​

📅 February 19, 2026
✍️ AAGSU
🕒 12:05 AM

ধেমাজী, ১৪ ফেব্ৰুৱাৰী: ধেমাজী জিলাৰ চিলাপথাৰৰ মেধাৱী যুৱক পংকজ দাহালে অসম লোকসেৱা আয়োগৰ (APSC) অধীনত অনুষঠিত হোৱা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ কৃষি উন্নয়ন বিষয়া (Agriculture Development Officer) হিচাপে নিযুক্তি লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা চিলাপথাৰ চচাইটি নিবাসী শ্ৰী পংকজ দাহালৰ এই সফলতাত সমগ্ৰ জিলাখনৰ লগতে গোৰ্খা সমাজত আনন্দৰ লহৰ উঠিছে। এই বিশেষ সাফল্যৰ বাবে শনিবাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), ধেমাজী জিলা সমিতিৰ তৰফৰ পৰা তেওঁৰ বাসগৃহত উপস্থিত হৈ এক উষ্ম সম্বৰ্ধনা জনোৱা হয়।
​চিলাপথাৰ চচাইটি অঞ্চলৰ বহু মাতৃ আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত আগ্ছুৰ বিষয়ববীয়াসকলে পংকজ দাহালক ফুলাম গামোচা আৰু ঢাকা টুপিৰে সম্বৰ্ধনা জনাই সন্মানিত কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি আগ্ছুৰ নেতাসকলে কয় যে পংকজ দাহালৰ এই কৃতিত্বই অঞ্চলটোৰ উদীয়মান যুৱ সমাজৰ বাবে এক ইতিবাচক প্ৰেৰণা হিচাপে কাম কৰিব। কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু লক্ষ্যপ্ৰতি অটল মনোভাৱ থাকিলে যে সফলতা অনিবার্য, পংকজে তাৰ এক উজ্জ্বল উদাহৰণ দাঙি ধৰিছে। এনে মেধাৱী যুৱকৰ সফলতাই গোৰ্খা সমাজৰ শৈক্ষিক ভেটি মজবুত কৰাৰ লগতে বৃহত্তৰ অসমীয়া সমাজতো এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে বুলি সংগঠনটোৱে মত প্ৰকাশ কৰে।
​পংকজ দাহাল হৈছে অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া শ্ৰী মিন প্ৰসাদ দাহাল আৰু শ্ৰীমতী পদ্মাৱতী দাহালৰ সুযোগ্য সন্তান। উল্লেখনীয় যে, পংকজ দাহালৰ পৰিয়ালটোৰ বাবে এয়া এক বিৰল সাফল্যৰ ক্ষণ। পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, তেওঁৰ দুগৰাকী ভগ্নীও বৰ্তমান অসম চৰকাৰৰ অধীনত উচ্চপদস্থ চাকৰিত নিয়োজিত হৈ আছে। ইয়াৰে সৰু ভগ্নীগৰাকীয়ে যোৱা বৰ্ষতে অসম লোকসেৱা আয়োগৰ দ্বাৰা নিৰ্বাচিত হৈ চৰকাৰী সেৱাত যোগদান কৰিছিল। একেটা পৰিয়ালৰ তিনিজন সন্তানেই নিজৰ মেধা আৰু কষ্টৰ বলত চৰকাৰী চাকৰি লাভ কৰাটোৱে চিলাপথাৰ অঞ্চলত বিশেষ চৰ্চা লাভ কৰিছে।
​পংকজৰ পিতৃ মিন প্ৰসাদ দাহাল নিজেও অসম চৰকাৰৰ সাৰ (Fertilizer) বিভাগত দীৰ্ঘদিন কৰ্মৰত আছিল। বৰ্তমান অৱসৰপ্ৰাপ্ত পিতৃৰ শৃংখলাবদ্ধ জীৱনশৈলী আৰু সঠিক মাৰ্গদৰ্শনেই সন্তানসকলক এনেদৰে প্ৰতিষ্ঠিত হোৱাত সহায় কৰিছে বুলি আত্মীয়-স্বজনে জানিবলৈ দিয়ে। পংকজ দাহালৰ এই নিযুক্তিৰ খবৰে চিলাপথাৰ অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক উৎসাহিত কৰি তুলিছে। আগন্তুক দিনত আগ্ছুৱে সমাজৰ এনে মেধাৱী শিক্ষাৰ্থী আৰু সফল ব্যক্তিসকলক আগুৱাই নিয়াত সদায় সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিছে।

প্ৰতিবেদক: পুন্য ৰিজাল- শিক্ষা সম্পাদক, ধেমাজি জিলা সমিতি।

📤 Share this story
Scroll to Top