
তিনিচুকীয়া, ১৮ ফেব্ৰুৱাৰী: অহা ১ মাৰ্চ, দেওবাৰে তিনিচুকীয়া জিলাৰ অন্তৰ্গত বাহাদুৰ চাৰিআলিত সদৌ অসম গোর্খা ছাত্ৰ সন্থা (আগ্ছু)ৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ দ্বি-বার্ষিক অধিৱেশনখনি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। অধিৱেশনৰ অভ্যৰ্থনা সমিতিয়ে জনোৱা মতে, সেইদিনা পুৱা সংগঠনৰ পতাকা উত্তোলনৰ পাছতেই এক গাম্ভীৰ্যপূৰ্ণ শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি তথা সমাজৰ হকে ত্যাগ স্বীকাৰ কৰা মহান ব্যক্তিসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হ’ব।
আজি এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতি সভা অনুষ্ঠিত হয় য’ত আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। সভাত উল্লেখ কৰা হয় যে এই দ্বি-বার্ষিক অধিৱেশনৰ জৰিয়তে গোর্খা ছাত্ৰ সমাজৰ ভৱিষ্যত পৰিকল্পনা আৰু সামাজিক উন্নয়নৰ দিশবোৰ বিশেষভাৱে আলোচনা কৰা হ’ব। বিশেষকৈ শিক্ষা, সংস্কৃতি আৰু ভাষা সুৰক্ষাৰ ক্ষেত্ৰত আগন্তুক দিনত গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হ’ব।
দিনৰ ভাগত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত জিলা আৰু কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও নেতা উপস্থিত থকাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও অনাগত দুই বছৰৰ বাবে নতুন নেতৃত্ব বাছনি কৰিবলৈ এই অধিৱেশনত এক প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব আৰু স্থানীয় শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হ’ব। ১ মাৰ্চৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোক লৈ বৰ্তমান সমগ্ৰ বাহাদুৰ চাৰিআলি অঞ্চলতে এক উৎসাহজনক পৰিৱেশ বিৰাজ কৰিছে। অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সমিতিৰ তৰফৰ পৰা সকলোৰে সহযোগিতা আৰু উপস্থিতি কামনা কৰা হৈছে।
প্ৰতিবেদক: বাব্লু লিম্বু- সাধাৰণ সম্পাদক, তিনিচুকীয়া আঞ্চলিক সমিতি।