All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #19
February 26, 2026

মৰাণত গোৰ্খা নাৰী পৰিষদৰ আঞ্চলিক সমিতি গঠন, হেমা তামাং সভানেত্ৰী আৰু পবিত্ৰা নেৱাৰ সাধাৰণ সম্পাদিকা নিৰ্বাচিত

📅 February 26, 2026
✍️ AAGSU
🕒 12:06 AM

মৰাণ, ২৪ ফেব্ৰুৱাৰীঃ মৰাণ নগৰৰ তিলৈস্থিত ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত গোৰ্খা নাৰী পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হৈ আগন্তুক কাৰ্যকালৰ বাবে এখন শক্তিশালী মৰাণ আঞ্চলিক সমিতি গঠন কৰা হয়।

সভাত উপস্থিত সদস্যসকলৰ সৰ্বসন্মতিক্ৰমে হেমা তামাং ডাঙৰীয়ানীক সভানেত্ৰী আৰু পবিত্ৰা নেৱাৰ ডাঙৰীয়ানীক সাধাৰণ সম্পাদিকা হিচাপে নিৰ্বাচিত কৰা হয়। লগতে আঞ্চলিক সমিতিৰ আন বিষয়ববীয়াসকলকো নিৰ্বাচিত কৰি সংগঠনটোৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ সংকল্প গ্ৰহণ কৰা হয়।

সভাত বক্তাসকলে গোৰ্খা নাৰীসকলৰ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক উন্নয়নৰ ক্ষেত্ৰত ঐক্যবদ্ধভাৱে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে অঞ্চলটোৰ নাৰীসকলৰ সমস্যা সমাধান, অধিকাৰ সুৰক্ষা আৰু নেতৃত্ব বিকাশৰ ক্ষেত্ৰত সংগঠনটোৱে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

ইফালে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা নৱগঠিত গোৰ্খা নাৰী পৰিষদৰ মৰাণ আঞ্চলিক সমিতিৰ সভানেত্ৰী, সাধাৰণ সম্পাদিকা তথা সমূহ বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হয়। সংগঠনটোৱে আগন্তুক দিনসমূহত সমাজৰ হিতৰ বাবে গঠনমূলক পদক্ষেপ গ্ৰহণ কৰি অধিক সক্ৰিয় ভূমিকা পালন কৰিব বুলি আশা ব্যক্ত কৰা হয়।

📤 Share this story
Scroll to Top