All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #21
March 12, 2026

ঘোগুলনী নেপালী গাঁৱত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন আৰু গোৰ্খা নাৰী পৰিষদ খোৱাং আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত

📅 March 12, 2026
✍️ AAGSU
🕒 12:06 AM

ঘোগুলনী, ৮ মাৰ্চ: গোৰ্খা নাৰী পৰিষদ, খোৱাং অঞ্চলিক সমিতিৰ উদ্যোগত আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা খোৱাং আঞ্চলিক সমিতিৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ঘোগুলনী নেপালী গাঁৱৰ সামূহিক ভৱনত “আন্তৰ্জাতিক নাৰী দিৱস” উদযাপন ও গোৰ্খা নাৰী পৰিষদ খোৱাং অঞ্চলিক সমিতৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়।
অনুষ্ঠানৰ আৰম্ভণিতে দুয়োটা সংগঠনৰ পতাকা উত্তোলনৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। পতাকা উত্তোলন কৰে ৰুমী নেৱাৰ (সভানেত্ৰী, গোৰ্খা নাৰী পৰিষদ খোৱাং আঞ্চলিক সমিতি) আৰু বিনয় নেৱাৰ (সভাপতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা খোৱাং আঞ্চলিক সমিতি)য়ে। ইয়াৰ পিছত স্মৃতি তৰ্পণৰ কাৰ্যসূচী আগবঢ়ায় মৌচুমী ৰাই(সম্পাদিকা,গোৰ্খা নাৰী পৰিষদ খোৱাং আঞ্চলিক সমিতি) আৰু সহযোগিতা কৰে বিশাল ভূজেল (সম্পাদক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা খোৱাং আঞ্চলিক সমিতি)।
তাৰ পিছত মুকলি সভা অনুষ্ঠিত হয়, য’ত সভাপতিত্ব কৰে বিনয় নেৱাৰে। সভাত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰদীপ ভূজেল, উপসভাপতি ৰোহিত ভূজেল ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নন্দৰাম থাপা,সহকাৰী শিক্ষা সম্পাদক ৰিকি থাপা,কাৰ্য্যালয় সম্পাদক বিশ্বনাথ নেৱাৰ আদি। সভাৰ উদ্দেশ্য বাখ্যা কৰে বিশাল ভূজেলে(সাধাৰণ সম্পাদক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা খোৱাং আঞ্চলিক সমিতি)। উপস্থিত অতিথিসকলে নাৰী দিৱসৰ তাৎপৰ্য্য সম্পৰ্কে নিজৰ বক্তব্য আগবঢ়াই নাৰী শক্তিৰ বিকাশ আৰু সমাজত নাৰীৰ ভূমিকা অধিক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানটোত নিমন্ত্ৰণ জনোৱা নাৰীসকল যিসকলে নিজ নিজ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু নিষ্ঠাৰ জৰিয়তে সফলতা অৰ্জন কৰাৰ লগতে সমাজলৈ উল্লেখযোগ্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে, তেখেতসকলক সম্বৰ্ধনা জনোৱা হয়। তাৰপাছত এই উপলক্ষে নিমন্ত্ৰিত মহিলাসকলে নাৰী হিচাপে নিজৰ জীৱনৰ অভিজ্ঞতা আৰু সংগ্ৰামৰ কথা ব্যক্ত কৰি উপস্থিত সকলোক অনুপ্ৰাণিত কৰে।

ইয়াৰ পিছত দিনটোৰ দ্বিতীয় মুখ্য কাৰ্যসূচী হিচাপে গোৰ্খা নাৰী পৰিষদ খোৱাং আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। এই সভাত ভাৰপ্ৰাপ্ত সভানেত্ৰী ৰুমী নেৱাৰে পূৰ্বৰ সমিতিখন ভংগ ঘোষণা কৰি এক নতুন সমিতি গঠন কৰে। নতুন সমিতিৰ সভানেত্ৰী হিচাপে মৌচুমী ৰাই আৰু সম্পাদিকা হিচাপে চুনু ভূজেলক নিৰ্বাচিত কৰা হয়। আন বিষয়ববীয়াসকলৰ নামো একাধিক ক্ৰমে ঘোষণা কৰা হয়।
অনুষ্ঠানৰ অন্তিমত শুভেচ্ছামূলক বাৰ্তা আগবঢ়ায় ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ৰত্ন থাপা , গোৰ্খা নাৰী পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সভানেত্ৰী ববী চেত্ৰী আৰু আন আন বিষয়ববীয়া সকলেও শুভেচ্ছা বাৰ্তা আগবঢ়ায় ।এইদৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানটো সফলভাৱে সম্পন্ন হয় আৰু সমাজত নাৰীৰ অৱদানক সন্মান জনোৱাৰ লগতে নৱপ্ৰজন্মক প্ৰেৰণা যোগায়।

প্ৰতিবেদক: বিশাল ভূজেল- সাধাৰণ সম্পাদক, খোৱাং আঞ্চলিক সমিতি ।

📤 Share this story
Scroll to Top