All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #29
May 7, 2026

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৮তম প্ৰতিষ্ঠা দিৱসত আগছুৰ সক্ৰিয় অংশগ্ৰহণ, ঐক্য আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰদান

📅 May 7, 2026
✍️ AAGSU
🕒 12:01 AM

তিনিচুকীয়া, ৬ মে’ ২০২৬ঃ মৰাণ জনগোষ্ঠীৰ অন্যতম আগশাৰীৰ ছাত্র সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৮তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা মুকলি সভা আজি উৎসাহ-উদ্দীপনাৰ মাজেৰে সফলতাৰে অনুষ্ঠিত হয়। তিনিচুকীয়া জিলাৰ কৰদৈগুৰী অঞ্চলৰ শ্ৰী শ্ৰী নৰসিংহভুজ সমম্বয় ক্ষেত্ৰ, বৰগড়া গাঁও ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰী নোমল চেত্ৰী বিশিষ্ট অতিথিৰূপে সভাত উপস্থিত থাকি অনুষ্ঠানটোক বিশেষ মৰ্যাদা প্ৰদান কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে মৰাণ ছাত্ৰ সন্থাৰ ইতিহাস, লক্ষ্য-উদ্দেশ্য আৰু দীৰ্ঘদিনীয়া সংগ্ৰামৰ ওপৰত আলোকপাত কৰা হয়। বিভিন্ন পৰ্যায়ৰ বক্তাসকলে সংগঠনটোৰ সমাজ আৰু শিক্ষাক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰি আগন্তুক দিনত ইয়াৰ ভূমিকা আৰু অধিক বিস্তৃত হ’ব বুলি আশা ব্যক্ত কৰে।

বিশিষ্ট অতিথি হিচাপে বক্তব্য প্ৰদান কৰি শ্ৰী নোমল চেত্ৰীয়ে সদৌ মৰাণ ছাত্ৰ সন্থাক ৫৮তম প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু সংগঠনটোৰ দীঘলীয়া যাত্ৰা আৰু অৱদানৰ প্ৰতি গভীৰ সন্মান প্ৰকাশ কৰে। তেওঁ নিজৰ বক্তব্যত অসমৰ বহুজাতিক আৰু বহুসাংস্কৃতিক পৰিৱেশত সকলো জাতি-জনগোষ্ঠীৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সহযোগিতা অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে। তেওঁ লগতে ছাত্র সংগঠনসমূহে সমাজ গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু আগন্তুক দিনতো এই দায়িত্ব অধিক সক্ৰিয়ভাৱে পালন কৰিব লাগিব বুলি মত প্ৰকাশ কৰে।

উক্ত সভাত বিভিন্ন ছাত্র সংগঠন, সামাজিক সংগঠন, বুদ্ধিজীৱী, শিক্ষাবিদ আৰু স্থানীয় ৰাইজৰ উল্লেখযোগ্য উপস্থিতি লক্ষ্য কৰা যায়। আলোচনা পৰ্বত শিক্ষাৰ উন্নয়ন, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, যুব প্ৰজন্মৰ সঠিক দিশ নিৰ্দেশনা আৰু সমাজৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এইদৰে মুকলি আলোচনা আৰু মত বিনিময়ৰ জৰিয়তে সভাখন অধিক ফলপ্ৰসূ আৰু তাৎপৰ্যপূর্ণ হৈ উঠে।

অনুষ্ঠানৰ শেষত আয়োজক পক্ষই সকলো অতিথি, অংশগ্ৰহণকাৰী আৰু সহযোগীসকলক ধন্যবাদ জ্ঞাপন কৰে। লগতে আগন্তুক দিনত এনে ধৰণৰ সম্প্ৰীতি আৰু ঐক্যবদ্ধতাক জোৰদাৰ কৰা কাৰ্যসূচী অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰা হয়।

📤 Share this story
← First Story in Issue
Scroll to Top