All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #30
May 14, 2026

বাবু ছবিলাল উপাধ্যায়ৰ ১৪৫তম জন্মজয়ন্তীত আগ্ছু কামৰূপ মহানগৰ জিলা সমিতিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

📅 May 14, 2026
✍️ AAGSU
🕒 12:05 AM

গুৱাহাটী, ১৩ মে’: অসমৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা গোৰ্খা সমাজৰ গৌৰৱৰ প্ৰতীক বাবু ছবিলাল উপাধ্যায়ৰ ১৪৫তম জন্মজয়ন্তী উপলক্ষে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু) কামৰূপ মহানগৰ জিলা সমিতিয়ে আজি দিছপুৰ লাষ্ট গেটস্থিত বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তিৰ তলত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। উক্ত অনুষ্ঠানত আগ্ছুৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, সদস্য-সদস্যা আৰু সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি মহান স্বাধীনতা সংগ্ৰামীজনৰ স্মৃতিচাৰণ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত সকলোৱে বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি জ্ঞাপন কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। বক্তাসকলে তেখেতৰ দেশপ্ৰেম, ত্যাগ, দূৰদৰ্শিতা আৰু সমাজসেৱাৰ বিষয়ে আলোকপাত কৰি কয় যে, বাবু ছবিলাল উপাধ্যায়ে অসমৰ গোৰ্খা সমাজক এক সুদৃঢ় পৰিচয় প্ৰদান কৰাৰ লগতে স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেখেতৰ আদৰ্শ আৰু কৰ্মই আজিও নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু) কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক টিংকু পৌডেল উপস্থিত থাকি বাবু ছবিলাল উপাধ্যায়ৰ জীৱনদৰ্শন আৰু সমাজৰ প্ৰতি তেখেতৰ অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়। লগতে কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি অমিত পৌডেল, উপ-সভাপতি শেষকান্ত ভূষাল আৰু ৰাজেন্দ্ৰ ছেত্ৰী, সাধাৰণ সম্পাদক উত্তম শৰ্মা, সাংস্কৃতিক সম্পাদক গোপাল ৰাজ শৰ্মা আৰু কাৰ্যালয় সম্পাদক ৰোশন উপাধ্যায়ে মহান ব্যক্তিজনৰ আদৰ্শ অনুসৰণ কৰি সমাজ, শিক্ষা আৰু জাতি গঠনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰাৰ আহ্বান জনায়।

ইয়াৰ উপৰিও সমাজ সেৱী শ্ৰী অভি চন্দ্ৰ পাঠক,আমচিং আঞ্চলিক সমিতিৰ সভাপতি ৰিখিৰাম শৰ্মা, বি.বৰুবা মহাবিদ্যালয় শাখা আগ্ছুৰ সাধাৰণ সম্পাদক অনুজ থাপা, আৰু মহিলা সমিতিৰ পৰা লতা দেৱী আৰু বিষয় ববীয়া সকল উপস্থিত থাকি অনুষ্ঠানটোক অধিক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। উপস্থিত বক্তাসকলে কয় যে, বাবু ছবিলাল উপাধ্যায়ৰ দৰে মহান ব্যক্তিৰ আদৰ্শক হৃদয়ঙ্গম কৰি সমাজত শিক্ষা, ঐক্য আৰু জাতীয় চেতনাৰ বিকাশ ঘটোৱাটো আজিৰ সময়ৰ অন্যতম প্ৰয়োজন।অনুষ্ঠানৰ অন্তত সকলো উপস্থিত সদস্যই বাবু ছবিলাল উপাধ্যায়দেৱৰ স্মৃতিত এক মিনিট নীৰৱতা পালন কৰি তেখেতলৈ শত-শত প্ৰণাম জ্ঞাপন কৰে। আগ্ছু কামৰূপ মহানগৰ জিলা সমিতিয়ে আগন্তুক দিনতো সমাজ আৰু জাতিৰ কল্যাণৰ বাবে তেখেতৰ আদৰ্শ অনুসৰণ কৰি কাম কৰি যোৱাৰ দৃঢ় সংকল্প ব্যক্ত কৰে।

প্ৰতিবেদক: উত্তম শৰ্মা- সাধাৰণ সম্পাদক, কামৰূপ মহানগৰ জিলা সমিতি।

📤 Share this story
Scroll to Top