All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #54
•
October 29, 2026

ওদালগুৰিৰ জিলা আয়ুক্তৰ সৈতে আগ্ছুৰ প্ৰতিনিধি দলৰ সৌজন্যমূলক সাক্ষাৎ, জিলাখনৰ বিভিন্ন উন্নয়নমূলক বিষয়ক লৈ গুৰুত্বপূৰ্ণ আলোচনা

📅 October 29, 2026
✍️ AAGSU
🕒 12:05 AM

ওদালগুৰি, ২৩ অক্টোবৰ, ২০২৬: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), ওদালগুৰি জিলা সমিতিৰ এটি প্ৰতিনিধি দলে আজি ওদালগুৰি জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত শ্ৰীযুত পুলক পাটগিৰি মহোদয়ক তেওঁৰ কাৰ্যালয়ত এক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎৰ জৰিয়তে প্ৰতিনিধি দলটোৱে জিলা আয়ুক্তগৰাকীৰ সৈতে জিলাখনৰ বিভিন্ন সামাজিক, শৈক্ষিক আৰু উন্নয়নমূলক বিষয় সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে জিলাখনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সংগঠনটোৰ দৃষ্টিভংগী আৰু ইতিবাচক ভূমিকা সম্পৰ্কে আলোচনা কৰে।

সাক্ষাৎকালত আগ্ছুৰ প্ৰতিনিধি দলটোৱে জিলা আয়ুক্ত শ্ৰীযুত পুলক পাটগিৰি মহোদয়ক আন্তৰিক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰে। লগতে তেওঁৰ নতুন দায়িত্বকাল সফল, কাৰ্যকৰী আৰু জনসাধাৰণৰ বাবে ফলপ্ৰসূ হওক বুলি কামনা কৰি আন্তৰিক শুভকামনা জনায়। প্ৰতিনিধি দলটোৱে আশা প্ৰকাশ কৰে যে তেওঁৰ নেতৃত্বত ওদালগুৰি জিলাৰ প্ৰশাসনিক ব্যৱস্থা অধিক গতিশীল হোৱাৰ লগতে জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজে নতুন গতি লাভ কৰিব।

আলোচনাকালত জিলাখনৰ সামগ্ৰিক উন্নয়ন, জনসাধাৰণৰ বিভিন্ন সমস্যা, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশ, যুৱপ্ৰজন্মৰ সামাজিক দায়বদ্ধতা আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি, ঐক্য তথা সহযোগিতা শক্তিশালী কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত মত বিনিময় কৰা হয়। বিশেষকৈ সমাজৰ বিভিন্ন স্তৰৰ লোকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰশাসন আৰু সামাজিক সংগঠনসমূহৰ মাজত সু-সমন্বয় আৰু সহযোগিতা অতি প্ৰয়োজনীয় বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে।

আগ্ছুৰ প্ৰতিনিধি দলটোৱে লগতে উল্লেখ কৰে যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়ন, যুৱসমাজৰ নেতৃত্বৰ বিকাশ, সামাজিক সচেতনতা সৃষ্টি আৰু সমাজৰ সামগ্ৰিক কল্যাণৰ হকে নিৰন্তৰভাৱে কাম কৰি আহিছে। জিলাখনৰ শান্তি-সম্প্ৰীতি অটুট ৰখা আৰু বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ সফল ৰূপায়ণৰ ক্ষেত্ৰতো সংগঠনটোৱে প্ৰশাসনৰ সৈতে সহযোগিতামূলকভাৱে কাম কৰি যাবলৈ সদায় আগ্ৰহী।

জিলা আয়ুক্ত মহোদয়ৰ সৈতে অনুষ্ঠিত এই সৌজন্যমূলক সাক্ষাৎ আৰু মত বিনিময়ক প্ৰতিনিধি দলটোৱে এক ইতিবাচক পদক্ষেপ হিচাপে অভিহিত কৰে। এনে পাৰস্পৰিক আলোচনা আৰু সহযোগিতাই ভৱিষ্যতে জিলাখনৰ বিভিন্ন সমস্যা সমাধানৰ লগতে উন্নয়নমূলক কাম-কাজ আগবঢ়াই নিয়াত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

উক্ত সৌজন্যমূলক সাক্ষাৎকালত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সোমৰাজ সোনাৰ, ওদালগুৰি জিলা সমিতিৰ সভাপতি বিকাশ ভট্টৰাই, উপ-সভাপতি সঞ্জীৱ কুমাৰ দাহাল, সাধাৰণ সম্পাদক ৰুপম আত্ৰেয়, সাংগঠনিক সম্পাদক সুৰজ ঘিমিৰে আৰু প্ৰচাৰ সম্পাদক পদম গোৰ্খা উপস্থিত থাকে।

প্ৰেৰক : পদম গোৰ্খা-প্ৰচাৰ সম্পাদক, ওদালগুৰি জিলা সমিতি ।

📤 Share this story
Scroll to Top