All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #54
•
October 29, 2026

গোৰ্খা জনগোষ্ঠীৰ সমস্যা-দাবী আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিমল বৰাৰ সৈতে আগছুৰ আলোচনা

📅 October 29, 2026
✍️ AAGSU
🕒 12:01 AM

গুৱাহাটী, ২৬ অক্টোবৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ তৰফৰ পৰা আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাৰ সৈতে এক সৌজন্যমূলক সাক্ষাৎত মিলিত হৈ গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন দীৰ্ঘদিনীয়া সমস্যা, দাবী আৰু প্ৰত্যাশাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। সাক্ষাৎকালত জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আৰু দাবীসমূহৰ প্ৰতি ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আগছুৰ তৰফৰ পৰা এখন স্মাৰক-পত্ৰও প্ৰদান কৰা হয়।

গোৰ্খা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান আৰু ন্যায্য দাবীসমূহ পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ ইতিবাচক হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়।

ইয়াৰ উপৰি, অসম চৰকাৰৰ আন এগৰাকী কেবিনেট মন্ত্ৰী শ্ৰীযুত বিমল বৰাৰ সৈতেও আগছুৰ প্ৰতিনিধি দলটোৱে এক আন্তৰিক সাক্ষাৎত মিলিত হয়। এই সাক্ষাৎকালত গোৰ্খা জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা আৰু কলা-সংস্কৃতিৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আগন্তুক সময়ত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক কৰ্মশালাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়।

গোৰ্খা জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় সংৰক্ষণ আৰু পৰৱৰ্তী প্ৰজন্মৰ মাজত ইয়াৰ প্ৰসাৰৰ ক্ষেত্ৰত এনে পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

আগছুৰ এই পদক্ষেপে গোৰ্খা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা আৰু দাবীসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ লগতে জনগোষ্ঠীটোৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰতো এক ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

প্ৰতিবেদক: সঞ্জয় ছেত্ৰী, শিক্ষা সম্পাদক, ওদালগুৰি জিলা সমিতি।

📤 Share this story
← First Story in Issue
Scroll to Top