All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #54
•
October 29, 2026

ডিৰাক গেটত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৮৬সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন, মুকলি সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ গৌৰৱময় উপস্থিতি।

📅 October 29, 2026
✍️ AAGSU
🕒 12:04 AM

ডিৰাক গেট, ২৮ অক্টোবৰ: আজি ডিৰাক গেটত আয়োজিত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৮৬সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অশোক কুমাৰ লামা ডাঙৰীয়া উপস্থিত থাকে। এই গৌৰৱোজ্জ্বল অনুষ্ঠানতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিশ্বজিত দৈমাৰী ডাঙৰীয়াক ‘বেংমৰা সমন্বয় বঁটা–২০২৬’ প্ৰদান কৰা হয়।

মটক জনগোষ্ঠীৰ গৌৰৱোজ্জ্বল ঐতিহ্য আৰু পৰম্পৰা সংৰক্ষণৰ লগতে জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়ন আৰু যুৱ প্ৰজন্মক উপযুক্ত দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ এনে পদক্ষেপ বিশেষভাৱে প্ৰশংসনীয়। এই প্ৰতিষ্ঠা দিৱসে জনগোষ্ঠীটোৰ ঐক্য, সংহতি আৰু সাংস্কৃতিক পৰিচয় অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

এই উপলক্ষে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়া, সদস্য-সদস্যাসকলৰ লগতে অনুষ্ঠানটোৰ সৈতে জড়িত সকলো কৰ্মকৰ্তা আৰু মটক জনগোষ্ঠীৰ সমূহ ৰাইজলৈ প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হয়।

মটক জনগোষ্ঠীৰ গৌৰৱময় ইতিহাস, ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয় চিৰযুগমীয়া হোৱাৰ লগতে জনগোষ্ঠীটোৰ সৰ্বাংগীণ উন্নয়নৰ ধাৰা অব্যাহত থাকক বুলি আশা প্ৰকাশ কৰা হয়।

📤 Share this story
Scroll to Top