All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #54
•
October 29, 2026

পূব ডেফেলীত ২০ সংখ্যক বাৰ্ষিক ৰমাইলো তিহাৰ সমাৰোহ আৰু দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি।

📅 October 29, 2026
✍️ AAGSU
🕒 12:06 AM

ভোলাঝাৰ, ২৮ অক্টোবৰঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), পূব ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত তথা ভোলাঝাৰ আৰু ছয়পত্ৰী শাখা সমিতিৰ আতিথ্যত অহা ২১ আৰু ২২ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০ সংখ্যক বাৰ্ষিক ৰমাইলো তিহাৰ সমাৰোহ আৰু পূব ডেফেলী আঞ্চলিক সমিতিৰ ১৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। ভোলাঝাৰ বাঙালীপাৰা উচ্চ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীক কেন্দ্ৰ কৰি অঞ্চলটোত উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে।

এই উপলক্ষে আজি বাঙালীপাৰাত সমাৰোহ আৰু অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে পূব ডেফেলী আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজসেৱী শ্ৰীযুত ধনপতি পৌডেল। তেওঁৰ উপস্থিতিত কাৰ্যালয়টো উদ্বোধন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ সুযোগ লাভ কৰি উদ্যোক্তাসকলে সন্তুষ্টি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ৰমাইলো তিহাৰ সমাৰোহ গোৰ্খা জাতিৰ চহকী ভাষা, সাহিত্য, কলা-সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণ তথা প্ৰচাৰৰ এক উল্লেখযোগ্য মঞ্চ। এনে সমাৰোহে জাতীয় ঐক্য, ভাতৃত্ববোধ আৰু সামাজিক সম্প্ৰীতিৰ বান্ধোন অধিক সুদৃঢ় কৰাৰ লগতে নৱপ্ৰজন্মক নিজৰ জাতীয় ঐতিহ্যৰ প্ৰতি অধিক সচেতন কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আয়োজক সমিতিয়ে আশা প্ৰকাশ কৰিছে যে সকলোৰে আন্তৰিক সহযোগিতা, একতা আৰু সক্ৰিয় অংশগ্ৰহণেৰে আগন্তুক ৰমাইলো তিহাৰ সমাৰোহ আৰু দ্বি-বাৰ্ষিক অধিৱেশনখনি সফল, সাৰ্থক আৰু স্মৰণীয় কৰি তুলিব পৰা যাব।

📤 Share this story
Scroll to Top