
তামুলপুৰ, ২৭ ছেপ্টেম্বৰ ২০২৬: সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা (আচ্ছু)ৰ উদ্যোগত আৰু সদৌ বি টি চি সূত্ৰধৰ ছাত্ৰ সন্থাৰ সহযোগত তথা তামুলপুৰ জিলা সমিতি আৰু তামুলপুৰবাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত হয় সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।
এই উপলক্ষে আয়োজিত মুকলি সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু) ৰ মুখ্য উপদেষ্টা শ্ৰী সঞ্জীৱ চৌহান ডাঙৰীয়া উপস্থিত থাকে। তেওঁ অনুষ্ঠানত অংশগ্ৰহণ কৰি সূত্ৰধৰ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
সভাত ছাত্ৰ সংগঠনসমূহে নিজৰ নিজৰ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা ভূমিকা সন্দৰ্ভতো আলোচনা কৰা হয়। লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়, ভাতৃত্ববোধ আৰু ঐক্য সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
অনুষ্ঠানটোত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা, সদৌ বি টি চি সূত্ৰধৰ ছাত্ৰ সন্থা, তামুলপুৰ জিলা সমিতিৰ বিষয়ববীয়া তথা বিভিন্ন অঞ্চলৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ, স্থানীয় জনপ্ৰতিনিধি, বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ নেতৃত্ব উপস্থিত থাকে।