All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #46
September 3, 2026

সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে আগছুৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন।

📅 September 3, 2026
✍️ AAGSU
🕒 12:01 AM

গুৱাহাটী, ৩০ আগষ্ট: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৮ সংখ্যক কাৰ্যকালৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন দেওবাৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত স্বৰ্গীয় মণি কুমাৰ চুব্বা ভৱনত অনুষ্ঠিত হয়। সন্থাৰ সভাপতি নোমল ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন সাধাৰণ সম্পাদক সোমৰাজ সোণাৰে পৰিচালনা কৰে।

সভাত আগছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক আৰু অন্যান্য বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। সভাত সংগঠনটোৰ বৰ্তমানৰ সাংগঠনিক স্থিতি পৰ্যালোচনা কৰাৰ লগতে আগন্তুক দিনৰ কাৰ্যপন্থা আৰু বিভিন্ন সাংগঠনিক বিষয়ক লৈ বিস্তৃত আলোচনা কৰা হয়।

তৃণমূল পৰ্যায়ত সংগঠনটোক অধিক শক্তিশালী আৰু সুসংগঠিত কৰা, জিলা তথা আঞ্চলিক সমিতিসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰা, সাংগঠনিক কাম-কাজ অধিক গতিশীল কৰা আৰু আগন্তুক বিভিন্ন কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণ কৰাৰ ওপৰত সভাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

বিস্তৃত আলোচনাৰ অন্তত সংগঠনটোৰ ভৱিষ্যৎ কাৰ্যপন্থা অধিক ফলপ্ৰসূ কৰি তোলাৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাই আগছুৰ সাংগঠনিক ঐক্য, শৃংখলা আৰু ভেটি অধিক সুদৃঢ় কৰাৰ লগতে গোৰ্খা সমাজৰ সামগ্ৰিক উন্নয়ন আৰু অধিকাৰ সুৰক্ষাৰ দিশত ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে।

প্ৰতিবেদক: শ্ৰী সঞ্জয় ছেত্ৰী, সাধাৰণ সম্পাদক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, টংলা আঞ্চলিক সমিতি।

📤 Share this story
← First Story in Issue
Scroll to Top