
তামুলপুৰ, ২৩ জুনঃ তামুলপুৰ জিলাৰ পূৱ ডেফেলী অঞ্চলৰ প্ৰাক্তন ছাত্ৰ কাৰ্যকৰ্তা তথা এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন যুৱক ওম কুমাৰ প্ৰধানৰ যোৱা ১৫ জুন তাৰিখে হোৱা আকস্মিক প্ৰয়াণে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
তেখেতৰ এনে অকল্পনীয়, অবিশ্বাস্য আৰু আকস্মিক বিয়োগৰ খৱৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগ্ছুকো গভীৰভাৱে মৰ্মাহত কৰি তুলিছে।
আজি সংগঠনটোৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ চৌহানৰ নেতৃত্বত কেন্দ্ৰীয় সমিতি, বিটিচি ক্ষেত্ৰীয় সমিতি, তামুলপুৰ জিলা সমিতি, পূৱ ডেফেলী আঞ্চলিক সমিতি আৰু ভোলাঝাৰ শাখা সমিতিৰ এটি সঁজাতি দলে সদ্য প্ৰয়াত ওম কুমাৰ প্ৰধানৰ অঞ্চলটোৰ বাঙালীপাৰা দেউৰালী বস্তিস্থিত বাসগৃহত উপস্থিত হৈ প্ৰয়াত ওম কুমাৰ প্ৰধানৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ পুণ্যাত্মাৰ গদ্গতিৰ বাবে প্ৰাৰ্থনা জনায়।
ইয়াৰোপৰি, সংগঠনটোৰ সঁজাতি দলটোৱে শোকত ম্ৰিয়মান পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে এই দুঃসময়ত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তথা সন্থাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা তেওঁলোকৰ কাষত থকাৰ আশ্বাস প্ৰদান কৰে।
সংগঠনটোৱে লগতে উল্লেখ কৰে যে, প্ৰয়াত ওম কুমাৰ প্ৰধান এগৰাকী অতি সহজ-সৰল, শান্ত-শিষ্ট, মৃদুভাষী, ভদ্ৰ আৰু অমায়িক স্বভাৱৰ যুৱক আছিল। তেখেতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লগতে সামাজিক, সাংস্কৃতিক, কাৰিকৰী আৰু সংবাদ জগতৰ সৈতে সক্ৰিয়ভাৱে জড়িত থাকি জাতি আৰু সমাজৰ উন্নয়নৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছে।
ইয়াৰোপৰি সংগঠনটোৱে কয় যে, তেখেতৰ অকাল প্ৰয়াণে কেৱল পৰিয়ালবৰ্গ আৰু আত্মীয়-স্বজনকেই নহয়, সমাজখনৰ বাবেও অপূৰণীয় ক্ষতি হৈছে। সমাজ আৰু সংগঠনৰ প্ৰতি তেখেতে আগবঢ়োৱা নিষ্ঠা, কৰ্মস্পৃহা আৰু অতুলনীয় অৱদান চিৰদিন স্মৰণীয় হৈ থাকিব।
উল্লেখ্যযোগ্য যে, প্ৰয়াত ওম কুমাৰ প্ৰধান সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তামুলপুৰ জিলা সমিতিৰ অন্তৰ্গত পূৱ ডেফেলী আঞ্চলিক সমিতিৰ ভোলাঝাৰ শাখা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু পিছলৈ আঞ্চলিক সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰেৰকঃ বিপ্লৱ চিমৰীয়া-সাধাৰণ সম্পাদক, তামুলপুৰ জিলা সমিতি