All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #7
December 4, 2025

নৱম বাৰ্ষিক IFBB MR/MS Tinsukia দেহশ্ৰী প্ৰতিযোগিতা তিনিচুকীয়াত উৎসাহজনক পৰিসৰৰ মাজত সম্পন্ন

📅 December 4, 2025
✍️ AAGSU
🕒 12:06 AM

ফিজিক্ এলায়েন্সৰ উদ্যোগত আয়োজিত নৱম বাৰ্ষিক তিনিচুকীয়া জিলা ভিত্তিক IFBB MR/MS Tinsukia Prize Money দেহশ্ৰী প্ৰতিযোগিতা ২০২৫, তিনিচুকীয়াৰ তিনিকোণীয়া অঞ্চলস্থিত গোলাপচন্দ্ৰ-ৰবিচন্দ্ৰ নাট্যমন্দিৰত উল্লাসমুখৰ পৰিবেশৰ মাজত অনুষ্ঠিত হয়।

জিলাখনৰ বিভিন্ন স্থানৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক বৈচিত্র্যময় আৰু ৰঙীন কৰি তোলে। মঞ্চত প্ৰতিযোগীসকলৰ কঠোৰ পৰিশ্রমৰ প্ৰদৰ্শন, সুগঠিত দেহৰ শাৰীৰিক সৌন্দৰ্য্য আৰু উৎকৃষ্ট পৰিৱেশন দৰ্শকৰ মন মুগ্ধ কৰে। নাট্যমন্দিৰখনত উপস্থিত হোৱা দৰ্শকৰ উৎসাহ, হাততালিৰ গৰজা আৰু সমৰ্থনৰ আহ্বানে প্ৰতিযোগিতাৰ পৰিবেশক সম্পূৰ্ণভাৱে উৎসৱমুখৰ কৰি তোলে।

দেহগঠন প্ৰতিযোগিতাৰ ক্ষেত্ৰত উদীয়মান প্ৰতিভাসম্পন্ন যুৱ-যুৱতীসমূহক আগুৱাই নিয়া লক্ষ্যযুক্ত এই প্ৰতিযোগিতাত MR Tinsukia আৰু MS Tinsukia উপাধিৰ বাবে চলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। ফিজিক্ এলায়েন্সৰ আয়োজকসকলে জনায় যে, এই ধৰণৰ উদ্যোগ স্থানীয় প্ৰতিভাসকলক জাতীয় তথা আন্তর্জাতিক মঞ্চলৈ আগবঢ়োৱাৰ ক্ষেত্ৰত এক দৃঢ় ভিত্তি প্ৰতিস্থাপন কৰি আহিছে।

প্ৰতিযোগিতাৰ অন্তত বিজয়ীসকলক নগদ প্ৰাইজমানি, শ্ৰেষ্ঠত্বৰ ট্রফি আৰু IFBB ৰ বিশেষ গৌৰৱৰ সন্মানে সম্মানিত কৰা হয়। অনুষ্ঠানটি সফলভাৱে সম্পন্ন হোৱাত ফিজিক্ এলায়েন্সৰ লগত যুক্ত সকলোকে স্থানীয় মহলৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়।

প্ৰতিবেদন: মিলন অধিকাৰী- সভাপতি, মাকুম অঞ্চলিক সমিতি (আগ্ছু)।

📤 Share this story
Scroll to Top