
দুলীয়াজান, ২৬ ডিচেম্বৰঃ সদৌ অসম গোর্খা ছাত্ৰ সন্থা (আগ্ছু)ৰ গৌৰৱোজ্জল সোণালী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানৰ অংশ হিচাপে দুলীয়াজানৰ বিহুতলীত অনুষ্ঠিত ‘জাতীয়-জনগোষ্ঠীয় ছাত্র ঐক্য সম্মিলন’ এক সুহৃদয়, শৃঙ্খলাবদ্ধ আৰু ঐতিহাসিক পৰিবেশত সফলভাৱে সম্পন্ন হয়। আগছুৰ সভাপতি শ্ৰী সুনীল চেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সম্মিলনত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্র, যুৱ আৰু সামাজিক সংগঠনৰ নেতৃত্বৰ ব্যাপক উপস্থিতিয়ে জাতীয় ঐক্যৰ এক দৃঢ় বাৰ্তা প্ৰেৰণ কৰেএই সম্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল বঙাইগাঁও বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিমন্ত্ৰক, বিশিষ্ট চিন্তাবিদ শ্ৰী ভবানী প্ৰসাদ শৰ্মা। বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ সাধাৰণ সম্পাদক শ্ৰী সমীৰণ ফুকন আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি শ্ৰী পলাশ চাংমাই উপস্থিত থাকে। সম্মিলনত সদৌ তাই আহোম ছাত্র সন্থাৰ সভাপতি শ্ৰী বসন্ত গগৈ, নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি শ্ৰী দ্বিপেন বড়ো, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক শ্ৰী উদয়ন কুমাৰ গগৈ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী পলিন্দ্ৰ বড়ো, টাই আহোম যুৱ পৰিষদৰ সভাপতি শ্ৰী বিজয় ৰাজকোঁৱৰ, সদৌ অসম মটক যুৱ ছাত্ৰ সম্মিলনৰ সাধাৰণ সম্পাদক শ্ৰী স্বৰূপ গোঁহাই, কার্বি ছাত্র সন্থাৰ সভাপতি শ্ৰী চেমচন টেৰণ, সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী বলৰাম বৰ্মণ, সদৌ অসম নাথ-যোগী ছাত্র সন্থাৰ সভাপতি শ্ৰী অৰবিন্দ নাথ, সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী লক্ষীকান্ত সূত্ৰধৰ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান শ্ৰী মানসজ্যোতি বৰুৱা, সদৌ অসম মণিপুৰী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী চানা সিংঘা, সদৌ অসম শৰণীয়া-কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰী দ্বীপজ্যোতি শৰণীয়া, সদৌ অসম কলিতা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শ্ৰী সুৰুজ কুমাৰ তালুকদাৰ, সদৌ চাওঁতাল ছাত্র সন্থাৰ সভাপতি শ্ৰী দিপাংকৰ হেমৰম, সদৌ অসম ভোজপুৰী যুৱ পৰিষদৰ সভাপতি শ্ৰী কৈলাশ গুপ্তা আৰু সদৌ অসম বেংগলী যুৱ ছাত্র ফেডাৰেচনৰ সাধাৰণ সম্পাদক শ্ৰী অজিত দেবনাথ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ উপৰিও মৰাণৰ বিশিষ্ট সাংবাদিক শ্ৰী যদুনাথ পুৰীও সম্মিলনত উপস্থিত থাকে। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুতো অন্যান্য জনগোষ্ঠীয় সন্থা-সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিয়ে সম্মিলনটোক অধিক বিস্তৃত আৰু তাৎপৰ্যপূৰ্ণ কৰি তোলে।

সভাপতি শ্ৰী সুনীল চেত্ৰীয়ে নিজৰ ভাষণত আগ্ছুৰ পঞ্চাশ বছৰীয়া সংগ্ৰামী যাত্ৰা স্মৰণ কৰি কয় যে সোণালী বৰ্ষ কেৱল উদযাপনৰ বিষয় নহয়, বৰঞ্চ সকলো জাতি-জনগোষ্ঠীৰ ছাত্র সমাজক এক সূতাৰে বান্ধি শিক্ষা, পৰিচয়, সংবিধানিক অধিকাৰ আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত একেলগে আগবাঢ়ি যোৱাৰ সংকল্প। মুখ্য অতিথি শ্ৰী ভবানী প্ৰসাদ শৰ্মাই ছাত্র সমাজৰ ঐতিহাসিক ভূমিকা আৰু ঐক্যবদ্ধ আন্দোলনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষ অতিথিসকলেও নিজৰ বক্তব্যত বিভাজন ত্যাগ কৰি সামূহিক স্বাৰ্থত ঐক্যবদ্ধ কণ্ঠ গঢ়ি তুলিবলৈ আহ্বান জনায়।
সম্মিলনৰ এক বিশেষ আৰু স্মৰণীয় ক্ষণ আছিল জ্যেষ্ঠ সাংবাদিক শ্ৰী শোভিত কুমাৰ চেত্ৰীৰ দ্বাৰা ‘সংগ্ৰাম আৰু উপলব্ধিৰ ৫০ বছৰ’ শীৰ্ষক স্মৃতিগ্ৰন্থৰ উন্মোচন। আগছুৰ পঞ্চাশ বছৰীয়া সংগ্ৰাম, আন্দোলন আৰু সাফল্যসমূহ লিপিবদ্ধ কৰা এই গ্ৰন্থ উন্মোচনৰ মুহূৰ্তই অনুষ্ঠানস্থলত উপস্থিত সকলোকে আৱেগিক কৰি তোলে।
সমগ্ৰ ‘জাতীয়-জনগোষ্ঠীয় ছাত্র ঐক্য সম্মিলন’ শান্তিপূৰ্ণ, শৃঙ্খলাবদ্ধ আৰু সৌহার্দ্যপূর্ণ পৰিবেশত সম্পন্ন হয়। হাজাৰ হাজাৰ ছাত্র-যুৱক আৰু কৰ্মীৰ সক্ৰিয় অংশগ্ৰহণে এই সম্মিলন আগছুৰ সোণালী বৰ্ষৰ শুভাৰম্ভণীত এক ঐতিহাসিক, দিশনিৰ্দেশনামূলক আৰু স্মৰণীয় অধ্যায় হিচাপে চিহ্নিত হয়।
