All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #56
•
November 12, 2026

মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক স্মৰণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আগছু মাকুম আঞ্চলিক সমিতিৰ অংশগ্ৰহণ

📅 November 12, 2026
✍️ AAGSU
🕒 12:06 AM

মাকুম, ৫ নৱেম্বৰ ২০২৬: অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী, বিশ্ববৰেণ্য সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। মহান শিল্পীগৰাকীৰ স্মৃতিত আয়োজিত এই অনুষ্ঠানত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, সমাজকৰ্মী আৰু স্থানীয় গণ্য-মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰি তেওঁৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ মাকুম আঞ্চলিক সমিতিৰ সভাপতি মিলন অধিকাৰীয়েও উপস্থিত থাকি সংগঠনটোক প্ৰতিনিধিত্ব কৰে। তেওঁ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি মহান শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে তেওঁ মহান শিল্পীগৰাকীৰ কালজয়ী অৱদান আৰু সমাজ জীৱনত তেওঁৰ সৃষ্টিৰ প্ৰাসংগিকতা স্মৰণ কৰে।

উল্লেখযোগ্য যে ড° ভূপেন হাজৰিকা কেৱল এগৰাকী গায়ক, গীতিকাৰ অথবা সংগীত পৰিচালকেই নাছিল, তেওঁ আছিল মানৱতা, সাম্য, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সামাজিক ঐক্যৰ এক শক্তিশালী কণ্ঠস্বৰ। তেওঁৰ গীত আৰু সৃষ্টিৰাজিৰ মাজেৰে সমাজৰ বিভিন্ন সমস্যা, সাধাৰণ জনতাৰ জীৱন-সংগ্ৰাম, মানৱীয় মূল্যবোধ আৰু জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা প্ৰতিফলিত হৈছিল।

তেওঁৰ কালজয়ী সংগীত আৰু সমাজমুখী চিন্তাধাৰাই অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ সাংস্কৃতিক জগতত এক সুকীয়া স্থান অধিকাৰ কৰি আছে। তেওঁৰ সৃষ্টিৰাজিয়ে ভাষা, জাতি, ধৰ্ম আৰু ভৌগোলিক সীমাৰ পৰিসৰ অতিক্ৰম কৰি মানুহৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ ভাবধাৰা জাগ্ৰত কৰি আহিছে। সেয়েহে সুধাকণ্ঠৰ অৱদান কেৱল অসমৰ সাংস্কৃতিক ইতিহাসতে নহয়, ভাৰতীয় সংগীত আৰু সাংস্কৃতিক পৰম্পৰাতো চিৰস্মৰণীয় হৈ ৰ’ব।

অনুষ্ঠানত উপস্থিত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলে মহান শিল্পীগৰাকীৰ জীৱনাদৰ্শ, সাংস্কৃতিক অৱদান আৰু মানৱতাবাদী চিন্তাধাৰাক নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানটোৱে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি, সাংস্কৃতিক ঐক্য আৰু ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।

প্ৰতিবেদক : মিলন অধিকাৰী-সভাপতি, মাকুম আঞ্চলিক সমিতি

📤 Share this story
Scroll to Top