All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #29
May 7, 2026

নেপালী মাতৃভাষা বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ সীমা নেপালৰঃ তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সম্বৰ্ধনা

📅 May 7, 2026
✍️ AAGSU
🕒 12:05 AM

তামুলপুৰ, ০২ মেঃ সদ্য ঘোষিত ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নেপালী মাতৃভাষা বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি কৃতিত্ব অৰ্জন কৰিছে সীমা নেপালে। জানিব পৰা মতে, তামুলপুৰ জিলাৰ অন্তৰ্গত নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰী সীমা নেপালে এই পৰীক্ষাত নেপালী মাতৃভাষা বিষয়ত সৰ্বোচ্চ ৯৬ নম্বৰ লাভ কৰাৰ লগতে মুঠ ৮৩ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অঞ্চলটোৰ ২নং শুৱাগপুৰ নিৱাসী পিতৃ সত্যনাৰায়ণ নেপাল আৰু মাতৃ ডম্বৰ কুমাৰী দেৱীৰ কন্যা সীমা নেপালৰ এই উল্লেখযোগ্য সফলতাত তেওঁৰ পিতৃ-মাতৃৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দৰ লহৰ দেখা গৈছে। উল্লেখযোগ্য যে, নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গোৰ্খা জনগোষ্ঠীৰ বহু ছাত্ৰ-ছাত্ৰীয়ে নেপালী ভাষা মাতৃভাষা হিচাপে অধ্যয়ন কৰি আহিছে যদিও বিদ্যালয়খনত এতিয়ালৈকে কোনো চৰকাৰী নেপালী বিষয়ৰ শিক্ষক নিযুক্ত কৰা হোৱা নাই। এনে পৰিস্থিতিতো ছাত্ৰ-ছাত্ৰীসকলে নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলতেই এইদৰে কৃতিত্ব দেখুৱাবলৈ সক্ষম হৈছে। ইফালে, সীমা নেপালৰ এই চমকপ্ৰদ সফলতাত সন্তোষ প্ৰকাশ কৰি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিপ্লৱ চিমৰীয়াৰ নেতৃত্বত সংগঠনটোৰ এটি সঁজাতি দলে ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোছা আৰু গোৰ্খা খাদাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত কাৰ্যসূচীত পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সভাপতি বিশাল মৈনালী আৰু সাধাৰণ সম্পাদক দিগ্বিজয় লুঁইটেল সহিতে আঞ্চলিক আৰু শুৱাগপুৰ শাখা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

প্ৰতিবেদক: বিপ্লৱ চিমৰীয়া, সাধাৰণ সম্পাদক, তামুলপুৰ জিলা সমিতি।

📤 Share this story
Scroll to Top