
মাকুম, ৭ মাৰ্চ: তিনিচুকীয়া জিলাৰ মাকুম টেঙাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত গড়বস্তি গাঁৱত যোৱা ৫ মাৰ্চ ২০২৬ তাৰিখে সংঘটিত এক ভয়াবহ অগ্নিকাণ্ডই অঞ্চলটোত তীব্ৰ শোকৰ ছাঁ পেলাইছে। স্থানীয় বাসিন্দা ধ্ৰুৱ শৰ্মাৰ বাসগৃহত এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত সূত্ৰপাত হোৱা এই জুইত পৰিয়ালটোৰ থকা ঘৰৰ লগতে সমস্ত সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এই দুখজনক ঘটনাৰ খবৰ পোৱাৰ পিছৰে পৰা বিভিন্ন দল-সংগঠনে ক্ষতিগ্ৰস্ত পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে।
আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) তিনিচুকীয়া জিলা সমিতিৰ এটি সঁজাতি দলে ঘটনাস্থলীত উপস্থিত হৈ ধ্ৰুৱ শৰ্মা আৰু তেওঁৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। সঁজাতি দলটোৱে দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে মতবিনিময় কৰি ঘটনাটোৰ বিষয়ে বিতং বুজ লয় আৰু অগ্নিকাণ্ডত হোৱা ব্যাপক ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে কালি অৰ্থাৎ ৬ মাৰ্চ তাৰিখে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতিৰ এটা দলো পৰিয়ালটোৰ কাষত উপস্থিত হৈছিল। আঞ্চলিক সমিতিৰ সদস্যসকলে ক্ষতিগ্ৰস্ত পৰিয়ালটোক তাৎক্ষণিকভাৱে কিছু আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ দুখৰ সমভাগী হয়।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই এই শোকাৱহ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এক জোৰদাৰ দাবী উত্থাপন কৰিছে। সন্থাই ক্ষতিগ্ৰস্ত পৰিয়ালটোক অতি শীঘ্ৰে চৰকাৰীভাৱে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰি, মাকুম আৰু ইয়াৰ আশপাশৰ অঞ্চলসমূহত বাৰে বাৰে সংঘটিত হোৱা অগ্নিকাণ্ডৰ দৰে দুৰ্যোগৰ মোকাবিলা কৰিবলৈ মাকুমত স্থায়ীভাৱে এটা অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপন কৰাৰ বাবেও সংগঠনটোৱে চৰকাৰক দাবী জনাইছে। সন্থাই মত প্ৰকাশ কৰে যে এটা সুসজ্জিত অগ্নি নিৰ্বাপক কেন্দ্ৰৰ অভাৱত এনেধৰণৰ দুৰ্ঘটনাত ক্ষয়ক্ষতিৰ পৰিমাণ বৃদ্ধি পায়, সেয়েহে জনস্বাৰ্থত চৰকাৰে এই পদক্ষেপ লোৱাটো অত্যন্ত প্ৰয়োজনীয়।
প্ৰতিবেদক : মিলন অধিকাৰী-সভাপতি, মাকুম আঞ্চলিক সমিতি