All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #1
October 23, 2025

Super Dancer Season 5 বিজয়ী আধ্যাশ্ৰী উপাধ্যায়ক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ আন্তৰিক অভিনন্দন

📅 October 23, 2025
✍️ AAGSU
🕒 12:08 AM

গুৱাহাটী, ১৮ অক্টোবৰ ২০২৫: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) – কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত তথা আমেৰিগোগ আঞ্চলিক সমিতিৰ সহযোগিতাত আজিৰ এক বিশেষ অনুষ্ঠানত অসমক ৰাষ্ট্ৰীয় পৰিসৰত গৌৰৱময়ভাৱে প্ৰতিনিধিত্ব কৰি “Sony TV”ৰ জনপ্ৰিয় ৰিয়েলিটি শ’ Super Dancer Season 5 ৰ খিতাপ আজুৰি আনা কণমানি নৃত্যশিল্পী আধ্যাশ্ৰী উপাধ্যায়ক সংগঠনৰ তৰফৰ পৰা উষ্ণ অভিনন্দন জ্ঞাপন কৰা হয়।

আধ্যাশ্ৰী উপাধ্যায়ে নিজৰ অসাধাৰণ প্ৰতিভা, অধ্যৱসায় আৰু নৃত্যকৌশলৰ দ্বাৰা অসমৰ নাম ৰাষ্ট্ৰীয় মঞ্চত প্ৰতিষ্ঠিত কৰি ৰাজ্যবাসীৰ মাজত গৌৰৱ আৰু আনন্দৰ সঞ্চাৰ ঘটাইছে। তেওঁয়ে নিজৰ সংগীত আৰু নৃত্যপ্ৰতিভাৰ জৰিয়তে অসমৰ সংস্কৃতিৰ এক উজ্জ্বল পৰিচয় আগবঢ়াই সমগ্ৰ ভাৰতবৰ্ষৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এই উপলক্ষে আধ্যাশ্ৰী উপাধ্যায়ে আজিৰ দিনটোত সোনাপুৰস্থিত অসমবাসীৰ প্ৰিয় সংগীত সম্ৰাট জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ তেওঁৰ প্ৰতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ জুবিন গাৰ্গক নিজৰ “জুবিন মামা” বুলি স্নেহভৰে সম্বোধন কৰি কয় —

“জুবিন দা মোৰ জীৱনৰ এক অনন্য প্ৰেৰণা। তেওঁৰ সংগীত, তেওঁৰ আত্মত্যাগ আৰু অসমীয়া সঙ্গীতক্ষেত্ৰৰ প্ৰতিও নিঃস্বাৰ্থ সমৰ্পণই মোক আগবঢ়িবলৈ পথ দেখুৱাইছে।”

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কামৰূপ মহানগৰ জিলা সমিতি আৰু আমেৰিগোগ আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে আধ্যাশ্ৰীক ফুলাম গামোচা আৰু স্মৃতিচিহ্ন প্ৰদান কৰি তেওঁৰ এই ঐতিহাসিক সাফল্যক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত বক্তাসকলে উল্লেখ কৰে যে, আধ্যাশ্ৰী উপাধ্যায়ৰ এই সাফল্য কেৱল তেওঁৰ ব্যক্তিগত গৌৰৱ নহয়, ই অসম তথা সমগ্ৰ গোৰ্খা সমাজৰ গৌৰৱৰ প্ৰতীক।

এই সময়ত আধ্যাশ্ৰীয়ে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ প্রসঙ্গ উত্থাপন কৰি কয় —

“জুবিন দা’ৰ মৃত্যু অসমবাসীৰ হৃদয়ত এক গভীৰ আঘাতৰ সৃষ্টি কৰিছে। মই অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো যেন এই ঘটনাৰ সৈতে জড়িত সকলো দোষীক আইন অনুসৰি কঠোৰতম শাস্তি প্ৰদান কৰা হয়।”

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি, সম্পাদক আৰু উপস্থিত অতিথিসকলে আধ্যাশ্ৰীক আশীৰ্বাদ আৰু শুভকামনা জনাই কয় যে, তেওঁ ভবিষ্যততও নিজৰ প্ৰতিভাৰ জৰিয়তে অসমৰ সংস্কৃতি আৰু শিল্পক্ষেত্ৰক অধিক সমৃদ্ধ কৰি আগুৱাই নি যোৱা নতুন প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা হৈ থাকক।

এই অনুষ্ঠানটোৱে শিল্প, সংস্কৃতি, সমাজিক সংহতি আৰু ন্যায়ৰ প্ৰতি এক নতুন বাৰ্তা প্ৰদান কৰিছে।

📤 Share this story
Scroll to Top