All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #3
November 6, 2025

উৰীয়ামঘাটত বিশাল গণ-হুংকাৰ সমাবেশঃ সীমান্ত সমস্যা সমাধানৰ দাবীত ৰাইজৰ তিব্ৰ

📅 November 6, 2025
✍️ AAGSU
🕒 12:12 AM

উৰীয়ামঘাট,নবেম্বৰ ৫ : অসম–নাগালেণ্ড সীমান্তৰ স্পৰ্শকাতৰ অঞ্চল উৰীয়ামঘাটত যোৱা ইংৰাজী ৪ নবেম্বৰ, মঙ্গলবাৰে বৃহত্তৰ উৰীয়ামঘাটবাসীৰ উদ্যোগত এক বিশাল গণ-হুংকাৰ সমাবেশ অনুষ্ঠিত হয়। স্থানীয় ৰাইজৰ দ্বাৰা আয়োজিত উক্ত কাৰ্যসূচীটোৱে অসম–নাগালেণ্ড সীমান্তত দিনক দিনে বৃদ্ধি পাই থকা নাগা অনুপ্ৰৱেশ আৰু দখল প্ৰবণতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ প্ৰকাশ কৰে।

বৃহৎ জনসমাগমৰ মাজত অনুষ্ঠিত উক্ত সভাত অংশগ্ৰহণ কৰে বিভিন্ন সংগঠন আৰু দলৰ প্ৰতিনিধিসকল। সভাত বিশেষকৈ উপস্থিত আছিল সদৌ অসম গোর্খা ছাত্র সন্থা (AAGSU)-ৰ কেন্দ্ৰীয় সহ-সম্পাদক মনিকুমাৰ লিম্বু, গোলাঘাট জিলা সমিতি(আগ্ছু)ৰ সভাপতি মেঘৰাজ সোনাৰ, সম্পাদক চুমন ছেত্ৰী, প্ৰচাৰ সম্পাদক কিচান ৰইকা, সৰুপথাৰ আঞ্চলিক সম্পাদক ৰহন ৰই আদিসহ সংগঠনৰ কেইবাজনো নেতৃবৃন্দ। লগতে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ (AASU) ধনাশিৰী মহকুমা সমিতি, উৰীয়ামঘাট আঞ্চলিক সমিতি, আৰু চুতীয়া ছাত্ৰ সন্থাৰ মহকুমা সমিতিৰ বিষয়ববীয়াও।

সভাত বক্তাসকলে সীমান্ত অঞ্চলৰ বাসিন্দাসকলৰ দৈনন্দিন যন্ত্রণাৰ বাবে চৰকাৰক কঠোৰ সমালোচনা কৰে। তেওঁলোকে কয়, “অসম নাগালেণ্ড সীমান্তত বহু বছৰ ধৰি নাগা অনুপ্ৰৱেশ, দখল আৰু আতংক সৃষ্টি চলি আছে। চৰকাৰে প্ৰতিশ্ৰুতি দিলেও আজিও সমস্যাৰ স্থায়ী সমাধান হোৱা নাই।” বক্তাসকলে লগতে কয়, “অসমৰ বনভূমিত যোৱা দুমাহ পূৰ্বে উচ্ছেদ কৰা অবৈধ নাগা অনুপ্ৰৱেশকাৰীসকল এতিয়া পুনৰ নিজ ৰাজ্যৰ অংশ বুলি কৈ উৰীয়ামঘাটৰ মাটিত অধিকাৰ দাবী কৰিছে, যি একেবাৰে গ্ৰহণযোগ্য নহয়।”

সভাত বক্তাসকলে স্পষ্টভাৱে ঘোষণা কৰে যে, অসমৰ এক ইঞ্চি মাটিও কোনো পৰিস্থিতিত নাগালেণ্ডক এৰি দিয়া নহব। মনিকুমাৰ লিম্বুৱে কয়, “যেতিয়ালৈকে সীমান্ত সমস্যা স্থায়ীভাৱে সমাধান নহয়, তেতিয়ালৈকে উৰীয়ামঘাটবাসীক লৈ জংগী আন্দোলন গঢ়ি তোলা হ’ব।” তেওঁ লগতে আহ্বান জনায়, “এই আন্দোলন কেৱল উৰীয়ামঘাটৰ নহয়, ই অসমৰ গৌৰৱ আৰু ভৌগোলিক অখণ্ডতাৰ সুৰক্ষাৰ বাবে।”

গোলাঘাট জিলা সমিতি (আগ্ছু)ৰ সভাপতি মেঘৰাজ সোনাৰএ সীমান্তবাসীৰ নিৰাপত্তাৰ অভাৱত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয়, “অসম চৰকাৰে তৎক্ষণাৎ সীমান্ত অঞ্চলত সুৰক্ষা ব্যৱস্থা বলবৎ কৰা উচিত। নাগা অনুপ্ৰৱেশ বন্ধ নকৰিলে জনগণ নিজেই প্ৰতিবাদৰ মঞ্চলৈ নামিব।”

সভাত অংশগ্ৰহণকাৰী বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে একমতভাৱে সিদ্ধান্ত লৈ কয় যে, সীমান্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে যদি চৰকাৰ গুৰুত্ব নিদিয়ে , তেন্তে আগন্তুক দিনত ৰাজপথত নামি বিৰাট গণ-আন্দোলন আৰম্ভ কৰা হ’ব।

দিনটোৰ সমগ্ৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সম্পন্ন হয় যদিও বক্তাসকলৰ দৃঢ় মন্তব্য আৰু ৰাইজৰ উত্তাল ধ্বনিয়ে সীমান্ত সমস্যাৰ সমাধানৰ প্ৰতি গভীৰ তৎকালীনতা প্ৰকাশ কৰে।

এই গণ-হুংকাৰ সমাবেশে উৰীয়ামঘাটবাসীৰ মনোভাৱ স্পষ্ট কৰে — “অসমৰ মাটি আমাৰ গৌৰৱ, এই মাটি কেতিয়াও নাগালেণ্ডক এৰি দিয়া নহব।”

✒ সুমন ছেত্ৰী-সম্পাদক, গোলাঘাট জিলা সমিতি (আগ্ছু)

📤 Share this story
Scroll to Top