All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #4
November 13, 2025

অসম কন্যা উমা ছেত্রীক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উষ্ম আদৰণি

📅 November 13, 2025
✍️ AAGSU
🕒 12:01 AM

বিশ্বকাপ বিজয়ী খেলুৱৈৰ প্ৰতি অসম চৰকাৰৰ উদাসীনতাত আগছু সভাপতিৰ গভীৰ দুখ প্ৰকাশ

গুৱাহাটী, ৭ নৱেম্বৰঃ যোৱা নিশা প্ৰায় ১১ বজাত বিশ্বকাপ বিজয়ী হৈ স্বভূমিত প্ৰথমবাৰ আহি উপস্থিত হোৱা অসম কন্যা শ্ৰীমতী উমা ছেত্রীক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)-ৰ তৰফৰ পৰা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উষ্ম আৰু গৌৰৱপূৰ্ণ আদৰণি জনোৱা হয়।

উমা ছেত্রী এইবাৰ অনুষ্ঠিত ICC Women’s World Cup 2025-ত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য হিচাপে অংশগ্ৰহণ কৰি ভাৰতক বিশ্বকাপ বিজয়ৰ গৌৰৱ অৰ্জন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। এই জয় কেৱল ভাৰতীয় ক্ৰিকেটৰ নহয়, অসম তথা গোৰ্খা সমাজৰ বাবে এক ঐতিহাসিক গৌৰৱৰ মাইলফলক হিচাপে পৰিগণিত হৈছে।

বিমানবন্দৰত উপস্থিত হোৱা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব — সভাপতি শ্ৰী সুনীল কুমাৰ ছেত্রী, সাধাৰণ সম্পাদক শ্ৰী নুমল ছেত্রী, সাংস্কৃতিক সম্পাদক শ্ৰী ৰাকেশ লামা, প্রচাৰ সম্পাদক শ্ৰী সোমৰাজ সোনাৰ, কাৰ্যালয় সম্পাদক শ্ৰী বিকাশ শৰ্মা দলটোৱে উমা ছেত্রীক ফুলাম গামোচা, অভিনন্দন–ফুলমালা আৰু স্মৃতিচিহ্ন প্ৰদান কৰি উষ্মভাৱে আদৰণি জনাই এই ঐতিহাসিক সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

এই উপলক্ষে আগছুৰ সভাপতি শ্ৰী সুনীল কুমাৰ ছেত্ৰীয়ে অসম চৰকাৰ তথা Assam Cricket Association (ACA)-ৰ আচৰণৰ ওপৰত তীব্ৰ অসন্তোষ প্ৰকাশ কৰে। তেওঁ স্পষ্টভাৱে মন্তব্য কৰে —

“বিশ্বকাপ বিজয়ী দলৰ সদস্য হৈ স্বভূমিত আহি উপস্থিত হোৱা অসম কন্যা উমা ছেত্রীক ৰাজ্য চৰকাৰ, অসম ক্ৰিকেট সংঘ বা আন কোনো সংগঠনে গৌৰৱৰ সৈতে আদৰণি জনাব নোখোজাটো এক গভীৰ দুখজনক ঘটনা। উমা কেৱল গোৰ্খা সমাজৰ নহয় — তেওঁ অসমীয়া সমাজৰ গৌৰৱ, প্ৰতিটো কন্যাৰ অনুপ্ৰেৰণা। অসম চৰকাৰে ইয়াক গৌৰৱৰ সুযোগ হিচাপে লৈ তেওঁক চৰকাৰীভাৱে সন্মান জনাব লাগিছিল, যাৰ অভাৱ অনুভূত হৈছে।”

সভাপতিগৰাকীয়ে লগতে Assam Governmentক খেল–কলা বিকাশৰ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ প্ৰতিভা চিনাক্ত কৰি উৎসাহ প্ৰদানৰ আহ্বান জনায়।

উমা ছেত্ৰী হৈছে গোলাঘাট জিলাৰ বোকাখাত উপমণ্ডলৰ কান্দুলিমাৰি গাঁওৰ এক সৰল কৃষক পৰিয়ালৰ সন্তান। পিতা লোকবাহাদুৰ ছেত্রী এজন কৃষক আৰু মাতৃ দীপা ছেত্রী এজন আদৰ্শ গৃহিণী। সীমিত সুযোগ, সুবিধা আৰু অৰ্থনৈতিক সীমাবদ্ধতাৰ মাজতো উমাই অধ্যৱসায়, পৰিশ্ৰম আৰু আত্মনিষ্ঠাৰ জৰিয়তে নিজৰ স্বপ্ন বাস্তৱায়িত কৰিছে।

বাল্যকালৰ পৰাই খেলৰ প্ৰতি গভীৰ অনুৰাগী উমাই গ্ৰাম্য পৰিৱেশত সৰু খেলপথাৰৰ ক্ৰিকেট খেলাৰ প্ৰচেষ্টা আৰম্ভ কৰে। বিদ্যালয় আৰু উচ্চ শিক্ষাৰ সৈতে ক্ৰিকেটৰ প্ৰশিক্ষণ লৈ গৈছিল তেওঁ। কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে অসম ক্ৰিকেট সংঘ (Assam Cricket Association)ৰ সৈতে সংযুক্ত হৈ উমাই নিজৰ ক্ৰীড়া জীৱন আৰম্ভ কৰে। প্ৰথমে অসম মহিলা ক্ৰিকেট দলৰ পৰা খেলি পিছত India A আৰু India B দলত স্থান লাভ কৰে, যাৰ পৰেই উমা ছেত্রীৰ ক্ৰীড়া প্ৰতিভা ৰাষ্ট্ৰীয় স্তৰত পৰিচয় লাভ কৰে।

অৱশেষত, ২০২৫ চনৰ ICC Women’s World Cup-ত তেওঁ ভাৰতীয় মহিলা দলৰ উইকেটকিপাৰ আৰু বেটাৰ হিচাপে অন্তর্ভুক্ত হয়। বিশ্বকাপত তেওঁৰ দ্ৰুতগতি, মেধা আৰু আত্মবিশ্বাসী প্ৰদৰ্শনে ভাৰতীয় দলক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এক ঐতিহাসিক জয় প্ৰদান কৰে।

এই জয়ৰ লগে লগে উমা ছেত্ৰী প্ৰথম অসমীয়া গোৰ্খা মহিলা খেলুৱৈ হিচাপে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰাৰ গৌৰৱ অৰ্জন কৰে। তেওঁ এতিয়া দেশৰ ক্ৰীড়া অনুৰাগীসকলৰ মাজত এক আদৰ্শ, অনুপ্ৰেৰণাৰ প্ৰতিমূৰ্তি হিচাপে প্ৰতিষ্ঠিত হৈছে।

উমা ছেত্ৰীৰ কাহিনী হৈছে অধ্যৱসায়, বিশ্বাস আৰু পৰিশ্ৰমৰ এক দীপ্ত উদাহৰণ। তেওঁ প্ৰমাণ কৰিছে —

“সৰু গাঁওৰ সপোনো অধ্যৱসায় আৰু দৃঢ় বিশ্বাসেৰে বিশ্বমঞ্চলৈ লৈ যোৱা যায়।”

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)–ৰ সভাপতি শ্ৰী সুনীল কুমাৰ ছেত্ৰীয়ে সংবাদ–মাধ্যমৰ সৈতে কথা পাতি কৈছিল —

“উমা ছেত্রী আমাৰ গৌৰৱ, অসমৰ গৌৰৱ। তেওঁ যেন আগন্তুক প্ৰজন্মৰ বাবে এক দীপ্ত অনুপ্ৰেৰণা হৈ থাকক। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁৰ আগন্তুক জীৱনযাত্ৰাত পূৰ্ণ সাফল্যৰ কামনা জনালোঁ।”

📤 Share this story
← First Story in Issue
Scroll to Top