লখিমপুৰ, নবেম্বৰ ১০: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু) লখিমপুৰ জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্ত মহোদয়ৰ সৈতে অনুষ্ঠিত এক গঠনমূলক বৈঠকত লখিমপুৰ জিলাৰ গোৰ্খা জনগণে দীৰ্ঘদিন ধৰি ভোগ কৰি আহিছিল বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে বিস্তৃত আলোচনা কৰা হয়। বৈঠকখনৰ মূল লক্ষ্য আছিল ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভিতৰত গোৰ্খা জনগণে সন্মুখীন হোৱা ভূমি-সংশ্লিষ্ট অসুবিধা, নথিপত্ৰ আপডেট, বসতি স্থায়ীকৰণ, সমাজিক সুৰক্ষা, শিক্ষামূলক সুবিধা, পৰিয়াল পৰিচয়পত্ৰ সংশোধন, আৰু স্থানীয় উন্নয়ন যোজনাত দেখা দিয়া বঞ্চনাৰ দ্ৰুত সমাধান নিশ্চিত কৰা।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ দৃষ্টিকোণ অনুসৰি, লখিমপুৰ জিলাৰ বহু গোৰ্খা পৰিয়াল বিশেষকৈ ট্রাইবেল বেল্ট আৰু ব্লকৰ ভিতৰত জমিৰ খতিয়ান সংশোধন, খছ জমিৰ তালিকা আপডেট, ঘৰ-নির্মাণ অনুমতি, বসতি পুনৰমান্যকৰণ, NRC/PRC/NPR/EPIC সংশোধন, লগতে PMAY, ULB সুবিধা, কৃষি যোজনা, কল্যাণমূলক তহবিল আদি বহু ক্ষেত্ৰতে বঞ্চিত হৈ আছে। এই সমস্যাবোৰ স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয় আৰু আলোচনাৰ মাধ্যমেৰে দ্ৰুত সমাধান কৰিবলৈ প্ৰতিনিধিসকলে উপযুক্ত মহোদয়ৰ সন্মুখত তথ্য-প্ৰমাণসহ দাবি জনায়।
প্ৰতিনিধি দলটোত উপস্থিত আছিল ৰাজ পৰাজুলী-সাধাৰণ সম্পাদক,লখিমপুৰ জিলা সমিতি(আগ্ছু),দেবেন চেত্ৰী- প্ৰাক্তন সভাপতি, লখিমপুৰ জিলা সমিতি( আগ্ছু), তিলক চেত্ৰী-উপদেষ্টা, লখিমপুৰ জিলা সমিতি( আগ্ছু), নীলৰাজ গুৰুঙ, উপ-সভাপতি, জয়হিং ৯/৬ কোইলামাৰী আঞ্চলিক সমিতি( আগ্ছু)
ৰাজ কুমাৰ তামাং, উপ-সভাপতি, জয়হিং ৯/৬ কোইলামাৰী আঞ্চলিক সমিতি( আগ্ছু),
অৰ্জুন তামাং-সম্পাদক (জয়হিং ৯/৬ কোইলামাৰী আঞ্চলিক সমিতি( আগ্ছু)),
পূৰ্ণ ভি. তামাং-স্বেচ্ছাসেৱক প্ৰমুখ,
জয়হিং ৯/৬ কোইলামাৰী আঞ্চলিক সমিতি( আগ্ছু)
লগতে কেইবাজনো সন্থাৰ সতীৰ্থ।
বৈঠকখনত জিলা সমিতিৰ পক্ষৰ পৰা উল্লেখ কৰা হয় যে গোৰ্খা জনগণ বহুদিন ধৰি প্ৰশাসনিক বিভ্ৰাট, ভুল নথিপত্ৰ, ভূমি সংশোধন নোহোৱা, উন্নয়ন প্রকল্পৰ অসম ন্যায্য বন্টন আদি সমস্যাৰ বাবে কষ্ট ভুগি আছে। প্ৰশাসনক অনুৰোধ জনোৱা হয় যাতে এই বিষয়বোৰৰ বাবে এটা বিশেষ টাস্ক-ফোৰ্চ গঠন কৰি গ্ৰাম্য পৰ্য্যায়েৰে পৰিদৰ্শন অভিযান আৰম্ভ কৰা হয়।
উপায়ুক্ত মহোদয়ে AAGSU-ৰ প্ৰতিনিধিসকলক সকলো সমস্যাবোৰ গুৰুত্বসহ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে আৰু সংশ্লিষ্ট বিভাগসমূহৰ সৈতে সমন্বয় কৰি দ্ৰুত ব্যৱস্থা লোৱাৰ কথা জনায়।
লখিমপুৰ জিলা সমিতি(আগ্ছু)য়ে আশা প্ৰকাশ কৰিছে যে এই বৈঠকখন গোৰ্খা জনগনৰ অধিকাৰ সুৰক্ষা, উন্নয়ন, সমতা-মূলক সুবিধা বন্টন, আৰু সামাজিক ন্যায় নিশ্চিত কৰাৰ ক্ষেত্ৰত এক ইতিবাচক দিশ মুকলি কৰিব।
প্ৰতিবেদন: ৰাজ পৰাজুলী-সাধাৰণ সম্পাদক, লক্ষীমপুৰ জিলা সমিতি( আগ্ছু)