হাৰমতি, দিচেম্বৰ ৮: সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ হাৰমতী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলাৰ বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত আজি হাৰমতীস্থিত গোৰ্খা ভবনৰ সম্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। ৰাতিপুৱা ১০.৩০ বজাৰ পৰা দিনৰ ১ বজালৈ অনুষ্ঠিত এই প্ৰতিবাদী কার্যসূচীত লখিমপুৰ জিলা সমিতি সহ হাৰমতী, পূব ডিক্রং, শিমলুগুৰি–বাজগড়, দংঙিবিল, পথালিপাহাৰ আৰু নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ শতাধিক সদস্য় আৰু স্থানীয় ৰাইজ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
অৱস্থান ধৰ্মঘটত উপস্থিত নেতৃবৃন্দে লখিমপুৰ জিলাত বসবাস কৰা গোর্খা সম্প্রদায়ৰ বাসগৃহ, কৃষিজমি আৰু পৰম্পৰাগত অধিকাৰ সুৰক্ষিতকৰণৰ লগতে ট্রাইবেল বেল্ট আৰু ব্লকসমূহত সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্রদান কৰি ভূমিৰ মালিকানাৰ নিশ্চয়তা অবিলম্বে নিশ্চিত কৰাৰ দাবি উত্থাপন কৰে। নেতৃত্বই দাবী জনাই কয়, বহু দশকৰ পৰা লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত বাস কৰা গোর্খাসকল অধিকাৰ সংকট, নথিপত্ৰ নাকচ, ভূমি পৰিচয় প্ৰমানপত্ৰ লাভত জটিলতা আদি সমস্যাৰ সমুখীন হৈ আহিছে। এতিয়া এই সমস্যাৰ স্থায়ী সমাধান নোহোৱাকৈ গোর্খা সমাজৰ ন্যায় নোহোৱাৰ কথা তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰে।
ধৰ্মঘটস্থলীত উপস্থিত হোৱা নাৰায়ণপুৰ বাজহ চক্র বিষয়া পপী ফুকনৰ মাৰ্ফত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক বিস্তিত স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়। স্মাৰকপত্ৰত গোর্খা জনগোষ্ঠীৰ ভূমি–অধিকাৰ সমস্যা সমাধান, নথিপত্ৰ নাকচ বন্ধ, পৰম্পৰাগত অধিবাসী হিচাপে স্বীকৃতি প্ৰদান আৰু জিলাৰ সকলো গোর্খা বসতিৰ পৰিস্থিতিগত সমীক্ষা অবিলম্বে কৰাৰ দাবী জনোৱা হয়। নেতৃত্বই আশা প্ৰকাশ কৰে যে, চৰকাৰে গোর্খাসকলৰ এই ন্যায়সঙ্গত আৰু বহুদিনৰ দাবীক সদয় দৃষ্টিৰে পৰ্যালোচনা কৰিব।
অৱস্থান কাৰ্যসূচীত উপস্থিত থাকে হাৰমতী আঞ্চলিক সমিতিৰ সভাপতি দাজাম্বু লামা, সম্পাদক ৰোহণ লামা, লখিমপুৰ জিলা সমিতিৰ সভাপতি যুবৰাজ কাটোৱাল, সম্পাদক ৰাজ পৰাজুলি, লখিমপুৰ জিলা সমিতিৰ উপদেষ্টা প্রাঞ্জল উপাধ্যায়, কেন্দ্ৰীয় সমিতিৰ প্রাক্তন সাধাৰণ সম্পাদক তথা লখিমপুৰ জিলাৰ উপদেষ্টা ভৰত চেত্রী, অৰূপ উপাধ্যায়, শিমলুগুৰি–ৰাজগড় আঞ্চলিক সমিতিৰ সভাপতি বিকাশ চেত্রী, সম্পাদক দল বাহাদুৰ টামাং, দংঙিবিল আঞ্চলিক সমিতিৰ সভাপতি ৰোচন চেত্ৰী সম্পাদক অৰুণ গৌতম পথালিপাহাৰ আঞ্চলিক সমিতিৰ সভাপতি বিতোপন উপাধ্যায়, সম্পাদক গণেশ থাপা, পূব ডিক্ৰং আঞ্চলিক সমিতিৰ সভাপতি ৰাহুল চেত্ৰী আদিকে ধৰি দুই শতাধিক গোর্খা নাগৰিক।
সকলো মিলি আজিৰ এই শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক প্ৰতিবাদে লখিমপুৰ জিলাৰ গোর্খা সমাজৰ দাবী–আৱেগ পুনৰ একবাৰ দৃঢ়ভাবে প্ৰতিধ্বনিত কৰিবলৈ সক্ষম হয়।
প্ৰতিবেদন: যুবৰাজ কটোৱাল- সভাপতি, লখিমপুৰ জিলা সমিতি (আগ্ছু)
