All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #18
February 19, 2026

ৰাজ্যিক স্তৰৰ পঞ্জা (আৰ্ম ৰেছলিং) প্ৰতিযোগিতাত আকাশ দর্জীৰ অসাধাৰণ প্ৰদৰ্শন

📅 February 19, 2026
✍️ AAGSU
🕒 12:06 AM

মাকুম, ১৪ ফেব্ৰুৱাৰী: ক্ৰীড়া জগতত পুনৰবাৰ উজলি উঠিছে তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ প্ৰতিভা। টেঙাপানী গাঁও গড়বস্তিৰ এজন অত্যন্ত মেধাৱী তথা উদীয়মান যুৱ খেলুৱৈ আকাশ দৰ্জীয়ে শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক স্তৰৰ পঞ্জা (আৰ্ম ৰেছলিং) প্ৰতিযোগিতাত নিজৰ অসাধাৰণ শক্তি আৰু কৌশল প্ৰদৰ্শন কৰি সোণৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। আকাশৰ এই ঐতিহাসিক সফলতাই কেৱল গড়বস্তি অঞ্চলেই নহয়, সমগ্ৰ তিনিচুকীয়া জিলাৰ লগতে গোৰ্খা সমাজলৈ এক অভূতপূৰ্ব গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীক চেৰ পেলাই আকাশ দৰ্জীয়ে অৰ্জন কৰা এই স্বৰ্ণ পদকে তেওঁৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ পৰিচয় দিছে।
আকাশ দৰ্জীৰ এই বিশেষ সাফল্যক সন্মান জনোৱাৰ উদ্দেশ্যে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত খেলুৱৈগৰাকীৰ বাসগৃহত এক আড়ম্বৰপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত সংগঠনটোৰ বিষয়ববীয়াসকলে আকাশক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু শৰাইৰে উষ্ম আদৰণি জনাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। এই বিশেষ মুহূৰ্তত উপস্থিত থাকি আকাশক আশীৰ্বাদ আৰু অভিনন্দন জ্ঞাপন কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক যতন প্ৰধান, মাকুম আঞ্চলিক সমিতিৰ সভাপতি মিলন অধিকাৰী, সহ সম্পাদক কীৰ্তি কুমাৰ শৰ্মাৰ লগতে মাকুম আঞ্চলিক সমিতিৰ সমূহ বিষয়া-কাৰ্যনিবাহক সদস্যসকল, গোৰ্খা নাৰী পৰিষদ তিনিচুকীয়া জিলা সমিতি, মাকুম আঞ্চলিক সমিতি আৰু গড়বস্তি শাখা সমিতিৰ সদস্যাসকলে।
সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা বক্তাসকলে কয় যে আকাশ দৰ্জীৰ এই জয়ে প্ৰমাণ কৰিছে যে যদিহে মনত দৃঢ় ইচ্ছা আৰু বুকুত সাহস থাকে, তেন্তে যিকোনো কঠিন বাধাক নেওচি সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰি। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে আকাশ এতিয়া এজন আদৰ্শ হৈ পৰিছে। তেওঁৰ এই সফলতাই অঞ্চলটোৰ আন সহস্ৰাধিক উদীয়মান ক্ৰীড়াপ্ৰেমীক অনুপ্ৰাণিত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰে। আনহাতে, আকাশে নিজৰ প্ৰতিক্ৰিয়াত তেওঁৰ এই সফলতাৰ সম্পূৰ্ণ কৃতিত্ব তেওঁৰ পিতৃ-মাতৃ, প্ৰশিক্ষক আৰু শুভাকাংক্ষীসকলক প্ৰদান কৰে। আগন্তুক দিনত অধিক কঠোৰ অনুশীলন কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি দেশৰ নাম উজলোৱাই তেওঁৰ একমাত্ৰ লক্ষ্য বুলি আকাশে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। খেলুৱৈগৰাকীৰ এনে সফলতাত এতিয়া সমগ্ৰ মাকুম অঞ্চলতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।

প্ৰতিবেদক: মিলন অধিকাৰীৰ_সভাপতি,মাকুম আঞ্চলিক সমিতি

📤 Share this story
Scroll to Top