
১২ এপ্ৰিল ২০২৬, টংলা: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু) টংলা আঞ্চলিক সমিতিৰ উদ্যোগত আজি এক গৌৰৱময় পৰিৱেশত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰা প্ৰতিভাৱান ছাত্ৰ বিবেক থাপালৈ তেখেতৰ নিজ বাসগৃহত উপস্থিত হৈ আন্তৰিক সম্বৰ্ধনা আৰু শুভেচ্ছা জ্ঞাপন কৰা হয়।
উল্লেখযোগ্য যে, শ্ৰী চন্দ্ৰ থাপা আৰু শ্ৰীমতী চন্দা থাপাৰ সুপুত্ৰ বিবেক থাপাই এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭ শতাংশ নম্বৰ লাভ কৰি কেৱল নিজৰ পৰিয়ালৰেই নহয়, সমগ্ৰ টংলা অঞ্চল তথা গোৰ্খা সমাজৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে। তেখেতৰ এই কৃতিত্বই অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত নতুন উৎসাহ আৰু প্ৰেৰণাৰ সৃষ্টি কৰিছে। তেখেতৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু লক্ষ্যপ্ৰতি দৃঢ় সংকল্পই এই সফলতাৰ মূল চাবিকাঠি বুলি উপস্থিত সকলে মন্তব্য কৰে।
এই উপলক্ষে অনুষ্ঠিত সম্বৰ্ধনা কাৰ্যসূচীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক শ্ৰী ত্ৰিদিব বিষ্ট, ওদালগুৰি জিলা সমিতিৰ উপ-সভাপতি শ্ৰী কিৰণ চিগদেল, কাৰ্যনিৰ্বাহক শ্ৰী বিজু বৰাল, টংলা আঞ্চলিক সমিতিৰ সভাপতি শ্ৰী সুৰজ কাৰ্কী, সাধাৰণ সম্পাদক শ্ৰী সঞ্জয় ছেত্ৰী, সহ-সম্পাদক শ্ৰী চন্দন ছেত্ৰী, শিক্ষা সম্পাদক শ্ৰী হংসৰাজ ছেত্ৰী, সহ-শিক্ষা সম্পাদক শ্ৰী গগন নেপাল আৰু সাংগঠনিক সম্পাদক শ্ৰী মোহন ছেত্ৰী আদি উপস্থিত থাকে।
কাৰ্যসূচীত উপস্থিত নেতৃত্ববৰ্গই নিজৰ ভাষণত বিবেক থাপাৰ এই সফলতাক উচ্চ প্ৰশংসা কৰি কয় যে, এনে ধৰণৰ সফলতাই সমাজৰ অন্য ছাত্ৰ-ছাত্ৰী সকলকো আগবঢ়াৰ প্ৰেৰণা দিয়ে। তেওঁলোকে কয় যে, শিক্ষা হৈছে জীৱনৰ মূল ভিত্তি, আৰু এই ক্ষেত্ৰত আগবাঢ়িবলৈ হলে নিয়মিত অধ্যয়ন, শৃংখলা আৰু দৃঢ় মনোবল অতি প্ৰয়োজনীয়। তেখেতসকলে বিবেক থাপাক আগন্তুক দিনত উচ্চ শিক্ষা গ্ৰহণ কৰি অধিক সফলতা অৰ্জন কৰাৰ বাবে উৎসাহ যোগায়।
লগতে, উপস্থিত সদস্যসকলে তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি আশীৰ্বাদ প্ৰদান কৰে আৰু সমাজখনৰ পৰা সদায় সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি আশ্বাস দিয়ে।
এই সম্বৰ্ধনা কাৰ্যসূচীয়ে কেৱল এজন মেধাৱী ছাত্ৰক সন্মান জনোৱাৰ মাজতে সীমাবদ্ধ নাথাকি, সমগ্ৰ অঞ্চলটোত শিক্ষা আৰু মেধাৰ মূল্যবোধক অধিক শক্তিশালী কৰি তুলিবলৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
প্ৰতিবেদন : সঞ্জয় ছেত্ৰী, সাধাৰণ সম্পাদক, টংলা আঞ্চলিক সমিতি।