All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #29
May 7, 2026

ওদালগুৰি জিলা সমিতি আগছুৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা সম্পন্ন।

📅 May 7, 2026
✍️ AAGSU
🕒 12:05 AM

ওদালগুৰি, ২ মে’ ২০২৬ঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), ওদালগুৰি জিলা সমিতিৰ এক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আজি জিলা সমিতিৰ কাৰ্যালয়ত সফলতাৰে অনুষ্ঠিত হয়। জিলা সমিতিৰ সভাপতি শ্ৰী ৰাম ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সংগঠনৰ শৈক্ষিক, সামাজিক আৰু সাংগঠনিক দিশসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।
সভাৰ আৰম্ভণিতে জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী কিশোৰ চিৰপালিয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰি সংগঠনৰ বৰ্তমান অৱস্থা, আগন্তুক কৰ্মসূচী আৰু সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সংগঠনৰ একতা, শৃংখলা আৰু সক্ৰিয়তাই আগছুক আগবঢ়াই নিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে।
সভাত আগন্তুক দিনত জিলা সমিতিৰ দ্বাৰা আয়োজন কৰিবলগীয়া স্বৰ্গীয় দীপক দাহাল স্মৃতি ছাত্ৰ পুৰস্কাৰ তথা অভিনন্দন অনুষ্ঠানৰ সম্পৰ্কে বিতং আলোচনা কৰা হয়। এই অনুষ্ঠান সফলভাৱে ৰূপায়ণ কৰাৰ বাবে বিভিন্ন দায়িত্ব বণ্টন কৰাৰ লগতে সকলো আঞ্চলিক সমিতিক সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনোৱা হয়। ইয়াৰ উপৰিও ভূমি সম্বন্ধীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়।

সভাত জিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলৰ সক্ৰিয় অংশগ্ৰহণে সভাখন অধিক ফলপ্ৰসূ কৰি তোলে। তেওঁলোকৰ মতামত আৰু পৰামৰ্শসমূহে আগন্তুক দিনত সংগঠনটোৰ কৰ্মপন্থা নিৰ্ধাৰণত সহায়ক হ’ব বুলি মত প্ৰকাশ কৰা হয়।
শেষত, জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী কিশোৰ চিৰপালিয়ে সভাত উপস্থিত থকা সকলো সদস্য আৰু বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰি সভাখনৰ সফল সমাপ্তি ঘোষণা কৰে।

📤 Share this story
Scroll to Top