মাকুম, ১০ মে’ ২০২৬ঃ মৰাণ বিহু সমাৰোহ ২০২৬ উপলক্ষে আয়োজিত বৰ্ণাঢ্য সাংস্কৃতিক শুভযাত্ৰাত গোৰ্খা সম্প্ৰদায়ৰ আকৰ্ষণীয় অংশগ্ৰহণে সমগ্ৰ পৰিৱেশ উৎসৱমুখৰ কৰি তোলে।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, মাকুম আঞ্চলিক সমিতিৰ অন্তৰ্গত গোৰ্খা নাৰী পৰিষদ সুন্দৰ নগৰ শাখা সমিতি আৰু গড়বস্তী শাখা সমিতিৰ মহিলা সদস্যাসকলে পৰম্পৰাগত গোৰ্খালী সাজ-পোছাক পৰিধান কৰি শুভযাত্ৰাত অংশগ্ৰহণ কৰে।
নিজৰ স্বকীয় পৰিচয় বহন কৰা দলটোৱে গোৰ্খা সম্প্ৰদায়ৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য আৰু একতাৰ এক শক্তিশালী বাৰ্তা প্ৰদৰ্শন কৰে। শুভযাত্ৰাত তেওঁলোকৰ শৃংখলাবদ্ধ আৰু মনোমোহা উপস্থিতিয়ে দৰ্শকসকলৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰে।
বিশেষকৈ মহিলা আৰু যুৱতীসকলৰ সক্ৰিয় অংশগ্ৰহণে গোৰ্খা সমাজ নিজৰ সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত কিমান সচেতন, সেই কথাও স্পষ্টভাৱে প্ৰতিফলিত কৰে বুলি স্থানীয় লোকে মত প্ৰকাশ কৰে।
অনুষ্ঠানত উপস্থিত দৰ্শকসকলে বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক আদান-প্ৰদানে পাৰস্পৰিক ভাতৃত্ববোধ, সম্প্ৰীতি আৰু একতাক অধিক সুদৃঢ় কৰি তোলে বুলি মন্তব্য কৰে।
মৰাণ বিহু সমাৰোহৰ এই সাংস্কৃতিক শুভযাত্ৰা কেৱল উৎসৱতেই সীমাবদ্ধ নাথাকি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় প্ৰদৰ্শনৰ এক উমৈহতীয়া মঞ্চ হিচাপেও পৰিগণিত হোৱা দেখা গৈছে।
প্ৰতিবেদনঃ মিলন অধিকাৰী,মৰাণ বিহু সমাৰোহত গোৰ্খা সম্প্ৰদায়ৰ বৰ্ণাঢ্য অংশগ্ৰহণ

প্ৰতিবেদনঃ মিলন অধিকাৰী-সভাপতি, মাকুম আঞ্চলিক সমিতি