All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #30
May 14, 2026

মাজুলী জিলা সমিতিৰ প্ৰতিনিধি সভা আৰু কৃতি ছাত্ৰ–ছাত্ৰীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান ২৭ মে তাৰিখে ।

📅 May 14, 2026
✍️ AAGSU
🕒 12:05 AM

মাজুলী, ১৩ মে’ঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, মাজুলী জিলা সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত সফলভাৱে সম্পন্ন হয়। জিলা সমিতিৰ বিষয়ববীয়া, আঞ্চলিক প্ৰতিনিধি তথা সংগঠনৰ বিভিন্ন স্তৰৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাত সংগঠনৰ আগন্তুক কাৰ্যপন্থা, নতুন জিলা সমিতি গঠন, সমাজমুখী পদক্ষেপ আৰু ছাত্ৰ সমাজৰ উন্নয়নমূলক বিভিন্ন বিষয়ত বিস্তৃত আলোচনা অনুষ্ঠিত হয়।

সভাৰ আৰম্ভণিতে সংগঠনৰ পূৰ্বৰ কাৰ্যকালত সম্পাদিত বিভিন্ন সাংগঠনিক কাম-কাজৰ মূল্যায়ন কৰা হয় আৰু আগন্তুক দিনত সংগঠনটোক অধিক সুসংগঠিত, শক্তিশালী আৰু জনমুখী ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিষয়ববীয়াসকলে নিজৰ মতামত আগবঢ়ায়। উপস্থিত সদস্যসকলে মাজুলীৰ গোৰ্খা সমাজৰ মাজত শিক্ষা, ঐক্য আৰু সাংস্কৃতিক চেতনাৰ বিকাশৰ বাবে আগ্সুৰ ভূমিকা অধিক সক্ৰিয় হোৱাটো সময়ৰ দাবী বুলি মন্তব্য কৰে।

বিশেষকৈ আগন্তুক নতুন জিলা সমিতি গঠনক লৈ সভাত গুৰুত্বপূর্ণ আলোচনা অনুষ্ঠিত হয়। এই উদ্দেশ্যে অহা ২৭ মে’ তাৰিখে এখন প্ৰতিনিধি সভা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত প্ৰতিনিধি সভাখন সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে এখনি ৯ জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হয়। গঠিত সমিতিখনৰ সভাপতি হিচাপে শ্ৰীযুত বিজু ছেত্ৰী আৰু সাধাৰণ সম্পাদক হিচাপে শ্ৰীযুত ধনবাহাদুৰ ছেত্ৰীক দায়িত্ব অর্পণ কৰা হৈছে। সভাত উপস্থিত সদস্যসকলে নতুনকৈ গঠিত অভ্যৰ্থনা সমিতিখনক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানখন সফল কৰাৰ বাবে সকলো মিলি একত্ৰিতভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে।

সভাত আৰু এক গুৰুত্বপূর্ণ সিদ্ধান্ত হিচাপে এই বৰ্ষৰ HSLC আৰু HS পৰীক্ষাত কৃতিত্বসহ উত্তীর্ণ হোৱা মাজুলীৰ গোৰ্খা ছাত্ৰ–ছাত্ৰীসকলক বিশেষ সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত লোৱা হয়। শিক্ষাক্ষেত্ৰত উজ্জ্বল ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ–ছাত্ৰীসকল সমাজৰ গৌৰৱ বুলি উল্লেখ কৰি সংগঠনটোৰ বিষয়ববীয়াসকলে কয় যে, নতুন প্ৰজন্মক উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ বাবে এনে অনুষ্ঠানসমূহ অত্যন্ত প্ৰয়োজনীয়। সম্বৰ্ধনা সভাৰ জৰিয়তে কৃতী শিক্ষাৰ্থীসকলক আগন্তুক দিনত অধিক সাফল্যৰ দিশে আগবাঢ়িবলৈ উৎসাহ যোগোৱা হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

ইয়াৰোপৰি সভাত মাজুলী জিলাৰ গোৰ্খা সমাজৰ বিভিন্ন সমস্যা, শিক্ষাৰ ক্ষেত্ৰত বিদ্যমান চেলেঞ্জ, নিবনুৱা যুৱক–যুৱতীৰ সমস্যা, ভাষা–সংস্কৃতি সংৰক্ষণ আৰু সামাজিক ঐক্য অটুট ৰখাৰ বিষয়তো বিস্তৃত আলোচনা কৰা হয়। বক্তাসকলে মন্তব্য কৰে যে, সমাজৰ সামগ্ৰিক উন্নয়নৰ বাবে শিক্ষিত আৰু সচেতন যুৱ সমাজ গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। সেই উদ্দেশ্যে আগ্ছুএ আগন্তুক দিনত বিভিন্ন সমাজমুখী, শৈক্ষিক আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিব।

সভাৰ অন্তত সংগঠনটোৰ বিষয়ববীয়াসকলে মাজুলীবাসী সকলো ৰাইজ, শুভাকাঙ্ক্ষী, সমাজসেৱী ব্যক্তি আৰু গোৰ্খা সমাজৰ প্ৰতিজন সদস্যৰ ওচৰত আগন্তুক প্ৰতিনিধি সভা তথা সম্বৰ্ধনা অনুষ্ঠান সফল কৰি তুলিবলৈ একান্ত সহায়–সহযোগিতা কামনা কৰে। লগতে সমাজৰ স্বাৰ্থ, ছাত্ৰ সমাজৰ অধিকাৰ আৰু গোৰ্খা জনগোষ্ঠীৰ উন্নয়নৰ বাবে আগন্তুক দিনতো আগ্ছুএ নিৰন্তৰভাৱে কাম কৰি যাব বুলি দৃঢ় আশাবাদ ব্যক্ত কৰা হয়।

প্ৰতিবেদক: দিপক কটোৱাল-সভাপতি, মাজুলী জিলা সমিতি ।

📤 Share this story
Scroll to Top