
গুৱাহাটী, ৯ জুন: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু) কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক নোমল ছেত্ৰীৰ নেতৃত্বত এটি সঁজাতি দলটোৱে বৰছলা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মাননীয় শ্ৰীযুত ঋতুবৰণ শৰ্মা ডাঙৰীয়াক সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
সৌজন্যমূলক এই সাক্ষাৎকালত আগ্সুৰ প্ৰতিনিধি দলটোৱে গোৰ্খা সম্প্ৰদায়ৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা আৰু দাবীৰ বিষয়ত বিধায়কগৰাকীৰ সৈতে বিস্তৃত আলোচনা কৰে। বিশেষকৈ শিক্ষা ক্ষেত্ৰত নেপালী বিষয়ৰ পাঠদান সুনিশ্চিত কৰিবলৈ বিদ্যালয়সমূহত নেপালী বিষয়ৰ শিক্ষক নিযুক্তি, নেপালী বিভাগ আৰম্ভ কৰা, লগতে গোৰ্খা ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়।
প্ৰতিনিধি দলটোৱে গোৰ্খা সম্প্ৰদায়ৰ বিভিন্ন দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অসম বিধানসভাত এই বিষয়সমূহ শক্তিশালীভাৱে উত্থাপন কৰিব বুলি আশা প্ৰকাশ কৰে।
বিধায়ক ঋতুবৰণ শৰ্মাইও গোৰ্খা সমাজৰ সমস্যা আৰু দাবীসমূহ গুৰুত্বসহকাৰে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে জনস্বাৰ্থ জড়িত বিষয়সমূহ সমাধানৰ ক্ষেত্ৰত সদায় সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে।
সাক্ষাৎকাৰৰ অন্তত আগ্ছুৰ প্ৰতিনিধি দলটোৱে নৱনিৰ্বাচিত বিধায়কগৰাকীৰ সফল কাৰ্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰে আৰু আগন্তুক দিনত গোৰ্খা সমাজৰ কল্যাণৰ স্বাৰ্থত সুসম্পৰ্ক আৰু সহযোগিতা অব্যাহত থাকিব বুলি আশা ব্যক্ত কৰে।