All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #34
June 11, 2026

শোণিতপুৰ জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতিক অভিনন্দন জনালে ৰঙাপৰা আঞ্চলিক সমিতিয়ে

📅 June 11, 2026
✍️ AAGSU
🕒 12:06 AM

ৰঙাপৰা, ১০ জুনঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনত আগন্তুক কাৰ্যকালৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হোৱা ৰবি লিম্বুক অভিনন্দন জনোৱাৰ উদ্দেশ্যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ৰঙাপৰা আঞ্চলিক সমিতিৰ এটা প্ৰতিনিধি দলে তেওঁৰ বাসগৃহত উপস্থিত হৈ সৌজন্য সাক্ষাৎ কৰে।

উক্ত প্ৰতিনিধি দলত ৰঙাপৰা আঞ্চলিক সমিতিৰ সভানেত্ৰী সুনিপা ৰাণা, সাধাৰণ সম্পাদক মনি কুমাৰ গুৰুং, উপ-সভানেত্ৰী শৰ্মিলা প্ৰধান, সাংস্কৃতিক সম্পাদক জীৱন খাতি, বসন্ত গুৰুং আদিয়ে অংশগ্ৰহণ কৰে। লগতে উত্তৰ জামুগুৰি আঞ্চলিক সমিতিৰ সভাপতি হেমু লিম্বুৰ লগত কুমাৰ লিম্বু আৰু কনক কাৰ্কীও উপস্থিত থাকে।

সাক্ষাৎকালত উপস্থিত সদস্যসকলে নৱনিৰ্বাচিত সভাপতি ৰবি লিম্বুক ফুলাম গামোচা আৰু শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ নতুন দায়িত্বকালৰ বাবে আন্তৰিক অভিনন্দন জনায়। তেওঁলোকৰ মতে, সংগঠনটোৰ উন্নয়ন, গোৰ্খা ছাত্ৰ-যুৱ সমাজৰ অধিকাৰ সুৰক্ষা আৰু সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰবি লিম্বুৰ নেতৃত্ব ফলপ্ৰসূ হ’ব বুলি তেওঁলোকে দৃঢ় আশাবাদ ব্যক্ত কৰে।

আলোচনাৰ সময়ত সংগঠনটোৰ বৰ্তমান পৰিস্থিতি, আগন্তুক কাৰ্যসূচী, ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন সমস্যা আৰু সামাজিক-শৈক্ষিক বিষয়সমূহ সন্দৰ্ভতো মত-বিনিময় কৰা হয়। উপস্থিত সদস্যসকলে জিলা সমিতি আৰু আঞ্চলিক সমিতিসমূহৰ মাজত সুসমন্বয় ৰক্ষা কৰি সংগঠনক অধিক গতিশীল ৰূপত আগুৱাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নৱনিৰ্বাচিত সভাপতি ৰবি লিম্বুৱে সকলোকে ধন্যবাদ জ্ঞাপন কৰি সংগঠনৰ প্ৰতি দেখুওৱা আস্থা আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ আগন্তুক দিনবোৰত সংগঠনৰ সংবিধান, আদৰ্শ আৰু লক্ষ্য-উদ্দেশ্যক সন্মান জনাই নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

উপস্থিত সদস্যসকলে আশা প্ৰকাশ কৰে যে ৰবি লিম্বুৰ নেতৃত্বত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে নতুন দিশ লাভ কৰাৰ লগতে ছাত্ৰ সমাজৰ স্বাৰ্থ সুৰক্ষা আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰতো অধিক সক্ৰিয় ভূমিকা পালন কৰিব। সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত এই সাক্ষাৎ আৰু সম্বৰ্ধনা কাৰ্যসূচী সফলভাৱে সম্পন্ন হয়।

প্ৰতিবেদক: সুনিপা ৰাণা- সভাপতি, ৰাঙাপাৰা আঞ্চলিক সমিতি ।

📤 Share this story
Scroll to Top