All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #34
June 11, 2026

বিশ্ব পৰিবেশ দিৱস উপলক্ষে ডিব্ৰুগড় জিলা গোৰ্খা নাৰী পৰিষদৰ উদ্যোগত বিনামূলীয়া বহুবিশেষজ্ঞ স্বাস্থ্য শিবিৰ সম্পন্ন

📅 June 11, 2026
✍️ AAGSU
🕒 12:05 AM

মৰাণ, ৫ জুনঃ বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্যপূৰ্ণ উপলক্ষত ডিব্ৰুগড় জিলা গোৰ্খা নাৰী পৰিষদে ডিব্ৰুগড় অপেক্ষা হাস্পতালৰ সহযোগত মৰাণৰ ঝ’লঙস্থিত এল.পি. বিদ্যালয়ৰ প্ৰাঙ্গণত এক বিনামূলীয়া বহুবিশেষজ্ঞ স্বাস্থ্য শিবিৰ সফলতাৰে আয়োজন কৰে। সামাজিক দায়বদ্ধতা, জনস্বাস্থ্য সজাগতা আৰু মানৱসেৱাৰ উদ্দেশ্যেৰে আয়োজিত এই শিবিৰত স্থানীয় ৰাইজৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয়।

শিবিৰখনত বিভিন্ন বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতিত সাধাৰণ স্বাস্থ্য পৰীক্ষা, পৰামৰ্শদান, বিভিন্ন ৰোগৰ প্ৰাথমিক নিৰীক্ষণ আদি সেৱা আগবঢ়োৱা হয়। অনুষ্ঠানত অঞ্চলটোৰ ২০০ৰো অধিক লোকে অংশগ্ৰহণ কৰি বিনামূলীয়াকৈ স্বাস্থ্যসেৱা লাভ কৰে। বিশেষকৈ আৰ্থিকভাৱে পিছপৰা আৰু গ্ৰাম্যাঞ্চলৰ লোকসকল এই স্বাস্থ্য শিবিৰৰ দ্বাৰা যথেষ্ট উপকৃত হোৱা বুলি জানিব পৰা যায়।

অনুষ্ঠানটোৰ জৰিয়তে স্বাস্থ্য সচেতনতা বৃদ্ধি, ৰোগ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ গুৰুত্ব সম্পৰ্কে উপস্থিত লোকসকলক অৱগত কৰা হয়। অংশগ্ৰহণকাৰীসকলে এনে পদক্ষেপক সময়োপযোগী আৰু সমাজৰ বাবে অত্যন্ত উপকাৰী বুলি মন্তব্য কৰে।

এই মহৎ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় অপেক্ষা হাস্পতালৰ সন্মানীয় চিকিৎসকবৃন্দ, চিকিৎসা কৰ্মী আৰু পৰিচালনা সমিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকৰ আন্তৰিক সহযোগিতা আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে ডিব্ৰুগড় জিলা গোৰ্খা নাৰী পৰিষদে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।

ইয়াৰ উপৰিও অনুষ্ঠানটোৰ বাবে স্থান, প্ৰয়োজনীয় সুবিধা আৰু সামগ্ৰিক সহযোগিতা আগবঢ়োৱা ঝ’লঙ এল.পি. বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলকো ধন্যবাদ জ্ঞাপন কৰা হয়। তেওঁলোকৰ সহায়-সহযোগিতাই অনুষ্ঠানটোক সুশৃংখল আৰু সফল কৰি তুলিবলৈ বিশেষ সহায় কৰে।

ডিব্ৰুগড় জিলা গোৰ্খা নাৰী পৰিষদৰ বিষয়ববীয়াসকলে কয় যে সমাজৰ কল্যাণ, জনস্বাস্থ্যৰ উন্নয়ন আৰু মানৱসেৱাৰ আদৰ্শক আগবঢ়াই নিয়াৰ লক্ষ্যৰে ভৱিষ্যততো এনে জনহিতকৰ কাৰ্যসূচী অব্যাহত ৰখা হ’ব। সমূহীয়া প্ৰচেষ্টা, সামাজিক দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱেৰে এখন সুস্থ, সচেতন আৰু শক্তিশালী সমাজ গঢ়ি তোলাৰ দিশত এই স্বাস্থ্য শিবিৰে এক ইতিবাচক দৃষ্টান্ত স্থাপন কৰিছে।

প্ৰতিবেদনঃ আয়ুষ শর্মা, তথ্য প্ৰযুক্তি সম্পাদক, ডিব্ৰুগড় জিলা সমিতি

📤 Share this story
Scroll to Top