
গোৱালপাৰা, ১১ জুনঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) গোৱালপাৰা জিলা সমিতিৰ বর্ধিত কাৰ্যনিৰ্বাহক সভা ১১ জুন ২০২৬ তাৰিখে গোৱালপাৰা জিলাৰ অন্তৰ্গত বাখাৰাখুটী গাঁৱৰ গোৰ্খা ভৱন প্ৰেক্ষাগৃহত সফলতাৰে অনুষ্ঠিত হয়। জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত জিলাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলৰ উল্লেখযোগ্য উপস্থিতি পৰিলক্ষিত হয়।
সভাত দুধনৈ আঞ্চলিক সমিতি, দামৰা আঞ্চলিক সমিতি, গোৱালপাৰা সদৰ আঞ্চলিক সমিতি, কুৰুং-ফকিৰমাৰা আঞ্চলিক সমিতি, মৰনৈ আঞ্চলিক সমিতি আৰু শিমলীতলা আঞ্চলিক সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সংগঠনৰ সাংগঠনিক শক্তিবৃদ্ধি, আগন্তুক কাৰ্যসূচী আৰু বিভিন্ন সাংগঠনিক বিষয়ৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়।
সভাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, বৰ্তমানৰ ভাৰপ্ৰাপ্ত সম্পাদক শ্ৰীযুত শিৱ শৰ্মাক সংগঠনৰ সম্পাদক হিচাপে সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰা হয়। একেদৰে সহ সম্পাদক শ্ৰীনাৰায়ণ শৰ্মাক উপ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হয়। উপস্থিত সদস্যসকলে উভয় বিষয়ববীয়াক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ নেতৃত্বত সংগঠন অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰে।
সভাখনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি শ্ৰীযুত ৰোহিত লামছাল আৰু কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক শ্ৰীযুত ৰাম কুমাৰ শ্ৰেষ্ঠ বিশেষভাৱে উপস্থিত থাকে। তেওঁলোকে সংগঠনৰ আদৰ্শ, লক্ষ্য আৰু সাংগঠনিক শৃংখলা অটুট ৰাখি ছাত্ৰ সমাজৰ স্বাৰ্থত কাম কৰি যোৱাৰ বাবে আহ্বান জনায়।
সভাৰ অন্তত সংগঠনৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত সংগঠনৰ কাৰ্যকলাপ অধিক গতিশীল কৰি তোলাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উপস্থিত সদস্যসকলে ঐক্যবদ্ধভাৱে সংগঠনৰ উন্নতি আৰু গোৰ্খা সমাজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে।
প্ৰতিবেদক: বিনোদ লামচাল- সভাপতি, গোৱালপাৰা জিল সমিতি ।