All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #35
June 18, 2026

লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ সাধাৰণ সভাত আগছুৰ অংশগ্ৰহণ !

📅 June 18, 2026
✍️ AAGSU
🕒 12:04 AM

লখিমপুৰ, ১৭ জুনঃ চৰাইমৰীয়াস্থিত হোটেল ৰাজধানী ইটাৰীত অনুষ্ঠিত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সভা আৰু লখিমপুৰ জিলা সমিতিৰ পুনৰ্গঠন কাৰ্যসূচীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ উপস্থিতি বিশেষভাৱে লক্ষণীয় হৈ পৰে। গোৰ্খা সমাজৰ বিভিন্ন সংগঠনৰ নেতৃত্বৰ সমাগমেৰে অনুষ্ঠিত সভাখনত আগছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক লক্ষী প্ৰসাদ শৰ্মাই সংগঠনটোক প্ৰতিনিধিত্ব কৰে।

ভাৰতীয় গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি গোবিন বিশ্বকৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গোৰ্খা সমাজৰ সাংগঠনিক ঐক্য, সামাজিক উন্নয়ন আৰু আগন্তুক কৰ্মপন্থা সম্পৰ্কে বিস্তৃত আলোচনা অনুষ্ঠিত হয়। সভাত কেন্দ্ৰীয় নেতৃত্ব আৰু পৰ্যবেক্ষকৰ উপস্থিতিত লখিমপুৰ জিলা সমিতিৰ পুনৰ্গঠন সম্পন্ন কৰা হয়। নতুন সমিতিত ৰাজেন ছেত্ৰীক সভাপতি, খগেন বাহাদুৰ ছেত্ৰীক কাৰ্যকৰী সভাপতি আৰু হেমচন্দ্ৰ ছেত্ৰীক মুখ্য সম্পাদক হিচাপে লৈ ৩৭ জনীয়া এখন শক্তিশালী জিলা সমিতি গঠন কৰা হয়।

সভাৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, অহা ২৪ আৰু ২৫ আগষ্টত লখিমপুৰত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ সফল আয়োজনৰ উদ্দেশ্যে এখন অভ্যৰ্থনা সমিতিও গঠন কৰা হয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি আগছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক লক্ষী প্ৰসাদ শৰ্মাই গোৰ্খা সমাজৰ বিভিন্ন সংগঠনৰ মাজত সমন্বয় আৰু সহযোগিতা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ছাত্ৰ সমাজক সমাজ গঠনৰ মূল শক্তি আখ্যা দি আগন্তুক দিনত শিক্ষাৰ, সংস্কৃতিৰ আৰু সামাজিক অধিকাৰৰ ক্ষেত্ৰত একেলগে আগবাঢ়ি যোৱাৰ আহ্বান জনায়।

উক্ত সভাত ভাৰতীয় গোৰ্খা পৰিসংঘৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক তথা অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি থণ্ডি নেৱাৰ, অসম ৰাজ্যিক সমিতিৰ সভাপতি অমৰ অধিকাৰী, সাধাৰণ সম্পাদক নন্দ কিৰাতি দেৱান, জ্যেষ্ঠ উপ-সভাপতি খেম প্ৰধান, উপ-সভাপতি জীৱন শৰ্মা, অসম গোৰ্খা সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি দিলীপ ছেত্ৰী, উপ-সভাপতি শ্যাম শৰ্মা, অসম নেপালী সাহিত্য সভাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ উপাধ্যায়, ভাৰতীয় গোৰ্খা পৰিসংঘ ধেমাজি জিলা সমিতিৰ সভাপতি গণেশ বিশ্বকৰ্মাসহ বহু বিশিষ্ট ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে।

সভাখনত আগছুৰ উপস্থিতিয়ে গোৰ্খা সমাজৰ বিভিন্ন সংগঠনৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে ছাত্ৰ সমাজৰ ভূমিকা আৰু অৱদানকো অধিক শক্তিশালীভাৱে প্ৰতিফলিত কৰে।

প্ৰতিবেদক: লক্ষী শৰ্মা- প্ৰচাৰ সম্পাদক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ।

📤 Share this story
Scroll to Top