All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #36
June 25, 2026

অষ্টাদশ দ্বি-বার্ষিক কেন্দ্ৰীয় প্ৰতিনিধি সভাক সফল কৰাৰ লক্ষ্যৰে আগ্ছুৰ ৰাজ্যজুৰি প্ৰচাৰ আৰু নিমন্ত্ৰণ অভিযান

📅 June 25, 2026
✍️ AAGSU
🕒 12:02 AM

অসম, ২৪ জুন ২০২৬: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু) ৰ অষ্টাদশ দ্বি-বার্ষিক কেন্দ্ৰীয় প্ৰতিনিধি সভাক সাফল্যমণ্ডিত কৰাৰ লক্ষ্যৰে সংগঠনৰ ভাৰপ্ৰাপ্ত সভাপতি, সাধাৰণ সম্পাদকৰ নেতৃত্বত এক প্ৰতিনিধি দলে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক প্ৰচাৰ, সাংগঠনিক মত-বিনিময় আৰু নিমন্ত্ৰণ অভিযান সফলভাৱে সম্পন্ন কৰে। এই অভিযানৰ জৰিয়তে সংগঠনৰ আগন্তুক কেন্দ্ৰীয় প্ৰতিনিধি সভাৰ প্ৰস্তুতি, উদ্দেশ্য, তাৎপৰ্য আৰু সংগঠনৰ ভৱিষ্যৎ কৰ্মপন্থা সম্পৰ্কে জিলা সমিতিসমূহৰ সৈতে বিস্তৃত আলোচনা কৰা হয়।

অভিযানৰ অংশ হিচাপে প্ৰতিনিধি দলটোৱে লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, নগাঁও, মৰিগাঁও, কামৰূপ মহানগৰ, কামৰূপ গ্ৰামীণ, গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, তামুলপুৰ, ওদালগুৰি, গোলাঘাট আৰু শিৱসাগৰ জিলাত উপস্থিত হৈ জিলা সমিতিৰ বিষয়ববীয়া, প্ৰাক্তন নেতৃত্ব, কৰ্মীসকল আৰু সংগঠনৰ শুভাকাংক্ষীসকলৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত মত বিনিময় কৰে।

প্ৰতিটো জিলাত অনুষ্ঠিত হোৱা সভা আৰু সাংগঠনিক বৈঠকসমূহত আগন্তুক অষ্টাদশ দ্বি-বার্ষিক কেন্দ্ৰীয় প্ৰতিনিধি সভাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ লগতে সংগঠনৰ সাংগঠনিক শক্তি বৃদ্ধি, শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ সমাজৰ ভূমিকা, গোৰ্খা সমাজৰ সমসাময়িক সমস্যা, যুৱ প্ৰজন্মৰ নেতৃত্ব বিকাশ আৰু জাতীয় স্বাৰ্থ জড়িত বিভিন্ন বিষয়ত গঠনমূলক মতামত আদান-প্ৰদান কৰা হয়।

এই সময়ছোৱাত প্ৰতিনিধি দলটোৱে সকলো জিলা সমিতিৰ পৰা কেন্দ্ৰীয় প্ৰতিনিধি সভাখনত সক্ৰিয় অংশগ্ৰহণ, সহযোগিতা আৰু উপস্থিতি কামনা কৰি আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ প্ৰদান কৰে। জিলা নেতৃত্বসকলে আগন্তুক সভাখন সফল কৰি তোলাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়াৰ লগতে সংগঠনৰ লক্ষ্য আৰু আদৰ্শক আগুৱাই নিয়াৰ ক্ষেত্ৰত একতাবদ্ধভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

এই প্ৰচাৰ অভিযানৰ জৰিয়তে সংগঠনৰ কেন্দ্ৰীয় নেতৃত্ব আৰু জিলা সমিতিসমূহৰ মাজত অধিক সমন্বয়, সম্পৰ্ক আৰু পাৰস্পৰিক বুজাবুজি শক্তিশালী হোৱাৰ লগতে আগন্তুক কেন্দ্ৰীয় প্ৰতিনিধি সভাক লৈ ৰাজ্যজুৰি উৎসাহ আৰু উদ্দীপনাৰ পৰিৱেশ সৃষ্টি হৈছে। বিভিন্ন জিলাৰ কৰ্মী আৰু নেতৃত্বসকলৰ ইতিবাচক সঁহাৰি আৰু আন্তৰিক সহযোগিতাই সংগঠনৰ ভৱিষ্যৎ কাৰ্যসূচীসমূহ অধিক গতিশীল আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বই বিশ্বাস ব্যক্ত কৰে যে সকলো স্তৰৰ কৰ্মী, সদস্য আৰু শুভাকাংক্ষীসকলৰ সক্ৰিয় সহযোগিতা আৰু সমৰ্থনৰ জৰিয়তে অষ্টাদশ দ্বি-বার্ষিক কেন্দ্ৰীয় প্ৰতিনিধি সভা সংগঠনৰ ইতিহাসত এক স্মৰণীয়, ফলপ্ৰসূ আৰু দিশ নিৰ্দেশক অধিৱেশন হিচাপে পৰিগণিত হ’ব।

প্ৰতিবেদক : শ্ৰী সঞ্জয় ছেত্ৰী, সাধাৰণ সম্পাদক, টংলা আঞ্চলিক সমিতি।

📤 Share this story
Scroll to Top