
চিলাপথাৰ, ১৫ জুলাই: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ ১৮ সংখ্যক কাৰ্যকালৰ অন্তিম কাৰ্যনিৰ্বাহক সভা আজি চিলাপথাৰত সফলতাৰে অনুষ্ঠিত হয়। সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী সঞ্জীৱ চৌহান ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখন সাধাৰণ সম্পাদক শ্ৰী নোমল ছেত্ৰী ডাঙৰীয়াই সঞ্চালনা কৰে।
সভাত অহাকালি অনুষ্ঠিত হ’বলগীয়া বিশেষ অভিনন্দন অনুষ্ঠান আৰু ১৯ সংখ্যক দ্বিবাৰ্ষিক প্ৰতিনিধি সভাক কেন্দ্ৰ কৰি বিভিন্ন সাংগঠনিক বিষয়ত বিস্তৃত আলোচনা কৰা হয়। অনুষ্ঠানসমূহ সুশৃংখল আৰু সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে বিভিন্ন দায়িত্ব বণ্টন কৰাৰ লগতে প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উক্ত সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা শ্ৰী বীৰেন্দ্ৰ চুব্বা ডাঙৰীয়াও উপস্থিত থাকি সংগঠনৰ ভৱিষ্যৎ কৰ্মপন্থা, ঐক্য আৰু সংগঠন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মূল্যৱান পৰামৰ্শ আগবঢ়ায়।
ইয়াৰ উপৰিও সভাত কেন্দ্ৰীয় সমিতিৰ বিভিন্ন বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যসকল উপস্থিত থাকি আগন্তুক প্ৰতিনিধি সভা সফল কৰাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প ব্যক্ত কৰে।