All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #39
July 16, 2026

ভানু জয়ন্তী উপলক্ষে কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনালে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই, পূৱ ডেফেলী আঞ্চলিক সমিতিয়ে।

📅 July 16, 2026
✍️ AAGSU
🕒 12:06 AM

তামুলপুৰ, ১৩ জুলাই: ২১২ সংখ্যক ভানু জয়ন্তী উপলক্ষে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU), পূৱ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু অন্তৰ্গত সমূহ শাখা সমিতিৰ সহযোগত তামুলপুৰ জিলাৰ বাঙালীপাৰাস্থিত জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়।

অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ HSLC আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ শৈক্ষিক সফলতাৰ শলাগ লোৱা হয়। বক্তাসকলে ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক জীৱনত অধিক অধ্যৱসায়ী, দায়িত্বশীল আৰু সমাজমুখী নাগৰিক হিচাপে নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়।

অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি, মেধাৰ স্বীকৃতি প্ৰদান আৰু সমাজত শিক্ষাৰ ইতিবাচক পৰিৱেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

শেষত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, পূৱ ডেফেলী আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধিত সকলো কৃতী ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰা হয়।

প্ৰতিবেদন: দিগ্বিজয় লুইটেল-সাধাৰণ সম্পাদক,পূৱ ডেফেলী আঞ্চলিক সমিতি।

📤 Share this story
Scroll to Top