
মাৰ্ঘেৰিটা, ১৮ জুলাই : ডিব্ৰুগড় চহৰত সংঘটিত এক মর্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মাৰ্ঘেৰিটা মাকুমকিল্লা অঞ্চলৰ মেধাৱী ছাত্ৰী প্ৰয়াত সুস্মিতা ছেত্ৰীৰ বাসগৃহত উপস্থিত হৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ কেন্দ্ৰীয় নেতৃত্বই শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে।
উক্ত সমবেদনা জ্ঞাপন কাৰ্যসূচীত আগছুৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সভাপতি শ্ৰী নোমল ছেত্ৰী, সাংগঠনিক সম্পাদক শ্ৰী অশোক কুমাৰ লামা, প্ৰাক্তন কেন্দ্ৰীয় প্ৰতিনিধি শ্ৰী সন্তোষ ছেত্ৰীৰ লগতে আগছু তিনিচুকীয়া জিলা সমিতিৰ সভাপতি শ্ৰী দেৱ গুৰুঙ, সাধাৰণ সম্পাদক শ্ৰী শংকৰ জয়ছি, সহকাৰী সম্পাদক শ্ৰী অৰুণ ছেত্ৰীকে ধৰি জিলা সমিতিৰ নেতৃত্ব আৰু আন বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
উপস্থিত প্ৰতিনিধি দলটোৱে প্ৰয়াত সুস্মিতা ছেত্ৰীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি সাহস যোগায়। এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি লাভ কৰিবলৈ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা প্ৰকাশ কৰাৰ লগতে প্ৰয়াত ছাত্ৰীগৰাকীৰ সপোন, অধ্যৱসায় আৰু মেধাৰ স্মৃতি সদায় সজীৱ হৈ থাকিব বুলি উল্লেখ কৰে।
এই উপলক্ষে আগছুৰ কেন্দ্ৰীয় সভাপতি শ্ৰী নোমল ছেত্ৰীয়ে ঘটনাটোৰ প্ৰতি গভীৰ দুখ প্ৰকাশ কৰি এনে দুঃখজনক ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষীক আইন অনুসৰি কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়। তেওঁ কয় যে, ন্যায় প্ৰতিষ্ঠা হোৱাটো কেৱল পৰিয়ালটোৰ বাবেই নহয়, সমাজৰ প্ৰতিজন নাগৰিকৰ আস্থাৰ বাবেও অতি প্ৰয়োজনীয়।
আগছুৰ প্ৰতিনিধি দলটোৱে প্ৰয়াত সুস্মিতা ছেত্ৰীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ পুনৰবাৰ গভীৰ সমবেদনা জ্ঞাপন কৰে।
“প্ৰয়াত সুস্মিতা চেত্ৰীৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।”