All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #41
July 30, 2026

পদ্মশ্ৰী প্ৰা. গীতা উপাধ্যায় দেৱীৰ আদ্যশ্ৰাদ্ধত আগছুৰ শ্ৰদ্ধাঞ্জলি, শোক-পত্ৰ অৰ্পণ আৰু পৰিয়াললৈ সমবেদনা।

📅 July 30, 2026
✍️ AAGSU
🕒 12:03 AM

তেজপুৰ, ২৪ জুলাই: বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমাজসেৱী তথা পদ্মশ্ৰী সন্মানপ্ৰাপ্ত প্ৰা. গীতা উপাধ্যায় দেৱীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান উপলক্ষে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ এটা প্ৰতিনিধি দলে আজি তেজপুৰৰ চান্দমাৰীস্থিত তেখেতৰ বাসগৃহত উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে সংগঠনটোৰ পক্ষৰ পৰা প্ৰয়াত গুণী ব্যক্তিত্বগৰাকীৰ সোঁৱৰণত শোক-পত্ৰ অৰ্পণ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰি আন্তৰিক সমবেদনা জ্ঞাপন কৰা হয়।

আগছুৰ প্ৰতিনিধি দলটোৱে কয় যে, প্ৰয়াত পদ্মশ্ৰী প্ৰা. গীতা উপাধ্যায় দেৱীয়ে শিক্ষা, সাহিত্য, ভাষা, সংস্কৃতি আৰু সামাজিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদান অসমৰ বৌদ্ধিক সমাজৰ বাবে এক মূল্যৱান সম্পদ হিচাপে চিৰদিন স্মৰণীয় হৈ থাকিব। বিশেষকৈ শিক্ষাৰ প্ৰসাৰ, সাহিত্যচৰ্চা আৰু সামাজিক মূল্যবোধৰ বিকাশত তেখেতৰ অৱদান নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ’ব।

এই দুখৰ সময়ত আগছুৱে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। সংগঠনটোৱে লগতে উল্লেখ কৰে যে, সমাজলৈ অনন্য অৱদান আগবঢ়োৱা এনে গুণী ব্যক্তিসকলৰ আদৰ্শ আৰু কৰ্মধাৰা আগন্তুক প্ৰজন্মৰ বাবে সদায় পথপ্ৰদৰ্শক হৈ থাকিব।

উক্ত অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক শ্ৰী সোমৰাজ সোনাৰ, সাংগঠনিক সম্পাদক শ্ৰী দীপক চুব্বা, কাৰ্যনিৰ্বাহক শ্ৰী সুনীল সোতাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি শ্ৰী ৰবি লিম্বু, ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি শ্ৰী সঞ্জীৱ খাতিওডা, বিটিচি ক্ষেত্ৰীয় সমিতিৰ উপ সভাপতি শ্ৰী পূৰ্ণ বিষ্ট, সদৌ শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, বিভিন্ন আঞ্চলিক সমিতিৰ নেতৃত্ব আৰু সংগঠনৰ সদস্যসকল উপস্থিত থাকি প্ৰয়াত গুণী ব্যক্তিত্বগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

প্ৰতিবেদক : শ্ৰী সঞ্জয় ছেত্ৰী, সাধাৰণ সম্পাদক, টংলা আঞ্চলিক সমিতি।

📤 Share this story
Scroll to Top