
গুৱাহাটী, ২৯ আগষ্ট: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ পল্টনবজাৰস্থিত মণি কুমাৰ চুব্বা ভৱনত অনুষ্ঠিত হয়। সন্থাৰ সভাপতি নোমল ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন সাধাৰণ সম্পাদক সোমৰাজ সোণাৰে পৰিচালনা কৰে।
সভাত সংগঠনটোৰ সাংগঠনিক কাম-কাজ অধিক শক্তিশালী আৰু গতিশীল কৰাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। সভাৰ সৰ্বসন্মতিক্ৰমে বীৰেন্দ্ৰ চুব্বাক উপদেষ্টা আৰু ৰাম কুমাৰ শ্ৰেষ্ঠক আইনী উপদেষ্টা হিচাপে মনোনীত কৰা হয়।
সভাত দূৰ্গা বস্নেত আৰু প্ৰকাশ কৈৰলাক উপ-সভাপতি, বিকাশ শৰ্মা আৰু জৌন চৌহনক সম্পাদক, ত্ৰিলোচন ভট্টৰাইক প্ৰচাৰ সম্পাদক, ঘনশ্যাম খনালক সহঃ মুখপাত্ৰ সম্পাদক, চিবু সোণাৰক সহঃ সাংস্কৃতিক সম্পাদক আৰু প্ৰত্ৰিকা লিম্বু আৰু কিৰণ পৌড়েলক স্বাস্থ্য সম্পাদক হিচাপে মনোনীত কৰি দায়িত্ব অৰ্পণ কৰা হয়।
সভাই নৱমনোনীত বিষয়ববীয়াসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। নৱগঠিত সমিতিখনে ঐক্যবদ্ধভাৱে কাম কৰি আগছুৰ লক্ষ্য আৰু উদ্দেশ্য অধিক শক্তিশালী ৰূপত আগুৱাই নিব বুলি সভাই আশা প্ৰকাশ কৰে।
প্ৰতিবেদক : শ্ৰী সঞ্জয় ছেত্ৰী, সাধাৰণ সম্পাদক, টংলা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা।